ETV Bharat / state

Successful journey of Entrepreneur Geetanjali: উদ্যমী গীতাঞ্জলিয়ে আৰম্ভ কৰিলে আন এখন নাৰ্চাৰী

author img

By

Published : Oct 20, 2022, 10:50 AM IST

পুনৰ চৰ্চাত মেৰাপানীৰ উদ্যমী গীতাঞ্জলি শইকীয়া (Entrepreneur Geetanjali Saikia)। যুৱতীগৰাকীয়ে আৰম্ভ কৰিলে আন এখন নাইট কুইন নাৰ্চাৰী । এইবাৰ গ্ৰন্থ বিপনীও আৰম্ভ কৰিছে গীতাঞ্জলিয়ে ।

Successful journey of Entrepreneur Gitanjali
উদ্যমী গীতাঞ্জলিয়ে আৰম্ভ কৰিলে আন এখন নাৰ্চাৰী

তিতাবৰ,২০ অক্টোবৰ : অসমত বৰ্তমানেও বহু শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নামত দৌৰি ফুৰিছে । বহু মূল্যবান সময় চাকৰিৰ নামত নষ্ট কৰা দেখা গৈছে । কিন্তু তাৰ মাজতে একাংশ শিক্ষিত যুৱত-যুৱতীয়ে আকৌ চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি স্বাৱলম্বিতাৰ অন্য পথ বিচাৰি উলিয়াইছে । কৃষি, ব্যৱসায় আদিৰ জৰিয়তে বহু শিক্ষিত নিবনুৱা স্বাৱলম্বী হোৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে । তেনে উদাহৰণ অসমত বহু আছে ।

উদ্যমী গীতাঞ্জলিয়ে আৰম্ভ কৰিলে আন এখন নাৰ্চাৰী

অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীৰ এগৰাকী শিক্ষিত যুৱতী শেহতীয়াকৈ সামাজিত মাধ্যমত চৰ্চিত হৈছিল । গীতাঞ্জলি শইকীয়াৰ কথা হয়তো আপোনাৰো মনত আছে । এটা সময়ত নিজৰ পৰিয়াল পোহপাল দিবৰ বাবে ২০১৮ চনত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল এখন পকৰিৰ দোকান । পৰৱৰ্তী সময়ত ঘৰত খেতি কৰি বজাৰে বজাৰে শাক-পাচলি আৰু বীজ, গছৰ পুলি বিক্ৰী কৰি ফুৰিছিল পৰিশ্ৰমী গীতাঞ্জলি শইকীয়াই (Viral girl Geetanjali)।

আনকি এই পৰিশ্ৰমৰ জৰিয়তে প্ৰতিষ্ঠাও লাভ কৰিবলৈ সক্ষম হৈছে গীতাঞ্জলি শইকীয়া । শেহতীয়াকৈ তেওঁ নাইট কুইন নামেৰে এখন নাৰ্চাৰীও আৰম্ভ কৰিছিল (Entrepreneur Geetanjali starts nursery in Merapani)। উচ্চ শিক্ষিত যুৱতীগৰাকীৰ এই কৰ্মৰাজিক বহুতে প্ৰশংসাও কৰিছে । আনকি তেওঁক সহায়ৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগো আগবাঢ়ি আহিছিল ।

বৰ্তমানো গীতাঞ্জলি শইকীয়া নাইট কুইন নাৰ্চাৰীখনকলৈয়ে ব্যস্ত (Night Queen Nursery of Geetanjali)। নানা ৰঙী ফুল, গছৰ পুলিৰে ভৰিছে তেওঁৰ নাইট কুইন নাৰ্চাৰী । বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰশিক্ষণ গ্ৰহণৰ অন্তত গীতাঞ্জলিয়ে পুনৰ আন এখন নাইট কুইন নাৰ্চাৰী আৰম্ভ কৰিবলৈ সক্ষম হৈছে ।

মেৰাপানীৰ কল্যাণপুৰত গীতাঞ্জলিয়ে আৰম্ভ কৰিছে এই নতুন নাৰ্চাৰীখন (Geetanjali starts another nursery in Merapani)। ইয়াৰে লগতে গীতাঞ্জলিয়ে আৰম্ভ কৰিছে এখন গ্ৰন্থৰ বিপনীও । তেওঁৰ আশা এইবোৰ কামৰ জৰিয়তেই নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁ আন দহজনকো সংস্থাপনৰ সুযোগ দিব পাৰিব ।

পিতৃৰ অসুস্থতাৰ বাবে ঘৰ চলাবলৈ ওলাই অহা গীতাঞ্জলি আজি স্বাৱলম্বী হৈ উঠিছে । মনত সাহস, একাগ্ৰতা আৰু ধৈৰ্য থাকিলে যে সফল হ'ব পাৰি, সেই কথাই প্ৰমাণ কৰিছে গীতাঞ্জলিয়ে । মেৰাপানীৰ উদ্যমী যুৱতীগৰাকীৰ আদৰ্শ লৈ এতিয়া অঞ্চলটোৰ বহু যুৱক-যুৱতীও বিভিন্ন পন্থা হাতত লৈ স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে ।

লগতে পঢ়ক :Bandhan Bank Loan : বন্ধন বেংকে হাঁহি বিৰিঙাইছে বহু নিবনুৱাৰ মুখত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.