ETV Bharat / state

১৭ দিনে সন্ধানহীন উৰিয়ামঘাটৰ এজন ব্যক্তি

author img

By

Published : Jun 7, 2021, 8:12 AM IST

অসম-নাগালেণ্ড সীমান্ত(Assam-Nagaland border)ৰ উৰিয়ামঘাটৰ ২ নং মধুপুৰৰ নবী হুছেইন নামৰ এজন ব্যক্তি বিগত ১৭ দিন ধৰি সন্ধানহীন হৈ আছে ৷ সন্ধানহীন ব্যক্তিজনৰ নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালে উৰিয়ামঘাট আৰক্ষী থানা(Uriamghat Police Station)ত এখন এজাহাৰ দাখিল কৰিছে ৷

sarupathar-uriamghat-one-person-missing
১৭ দিন ধৰি সন্ধানহীন উৰিয়ামঘাটৰ এজন ব্যক্তি

সৰুপথাৰ,7 জুন: সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্ত(Assam-Nagaland border)ৰ উৰিয়ামঘাটৰ ২ নং মধুপুৰ গাঁৱৰ নবী হুছেইন নামৰ(৩৫) এজন ব্যক্তি বিগত ১৭ দিনে সন্ধানহীন হৈ আছে । পৰিয়ালৰ লোকে জানিব দিয়া মতে, বিগত ২০ মে'ত পত্নীৰ অসুখ হোৱাত দৰৱ আনিবলৈ বুলি AS 05 H 0321 নম্বৰৰ ক'লা বাজাজ ডিস্কভাৰ বাইকখন লৈ ওলাই গৈছিল ব্যক্তিজন ৷ কিন্তু এতিয়ালৈ লোকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়া চিন্তিত হৈ পৰিছে ।

নবী হুছেইনৰ নিৰুদ্দেশ সম্পৰ্কত পৰিয়ালৰ লোকে উৰিয়ামঘাট আৰক্ষী থানা(Uriamghat Police Station)ত এজাহাৰ দাখিল কৰিছে ৷ ইপিনে উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নবীৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সন্ধান পোৱা নাই লোকজনৰ ।

আনহাতে, লোকজন কোনোবা দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ । যদি কোনো লোকে ব্য়ক্তিগৰাকীৰ কোনো সন্ধান পাই, তেন্তে 84739-14655 আৰু 87210-59164 নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: চিৰাজউদ্দিন আজমলৰ সাংসদ পুঁজিত ব্যপক লুণ্ঠন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.