ETV Bharat / state

ভূমি বেদখলকাৰীৰ কৱলত সৰুপথাৰৰ নাওঘাট বনাঞ্চল

author img

By

Published : Jul 3, 2019, 10:22 AM IST

ভূমি বেদখলকাৰীৰ কবলত সৰুপথাৰৰ নাওঘাট বনাঞ্চল

বনাঞ্চলখনৰ মূল্যবান গছ গছনি কাটি বন বিভাগৰ ছত্ৰছায়াত ভূমি বেদখল কৰি গাঁও পাতিছে এদল সন্দেহজনক নাগৰিকে ৷ নাওঁজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনষ্ঠ চুঙাজান নাওঘাট এলেকাত বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে অসম চৰকাৰৰ এটি বন শিবিৰ আছে ৷

সৰুপথাৰ, 3 জুলাইঃ সৰুপথাৰৰ চুঙাজান সীমান্তৰ নাওঘাট বন শিবিৰৰ নিচেই কাষতে থকা বনাঞ্চলৰ ভূমি উচ্ছেদ ৷ স্থানীয় ৰাইজ আৰু আছু কৰ্মীৰ অভিযোগ অনুসৰি বনাঞ্চলখনৰ মূল্যবান গছ-গছনি কাটি বন বিভাগৰ ছত্ৰছায়াত ভূমি বেদখল কৰি গাঁও পাতিছে এদল সন্দেহজনক নাগৰিকে ৷ নাওঁজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনষ্ঠ চুঙাজান নাওঘাট এলেকাত বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে অসম চৰকাৰৰ এটি বন শিবিৰ আছে ৷

ভূমি বেদখলকাৰীৰ কবলত সৰুপথাৰৰ নাওঘাট বনাঞ্চল

স্থানীয় আছু কৰ্মীৰ অভিযোগ অনুসৰি শিবিৰটোৰ একাংশ বন বিষয়াই ধনৰ লেনদেন কৰি বনাঞ্চলটোৰ ভূমি সন্দেহজনক নাগৰিকক বিক্ৰী কৰে ৷ কিন্তু এগৰাকী বেদখলকাৰীয়ে জানিবলৈ দিয়া মতে স্থানীয় গাঁওবুঢ়াই বহাইছে এই লোকসকলক ৷ উল্লেখ্য যে বেদখল উচ্ছেদৰ দাবীত গোলাঘাট জিলা উপায়ুক্তক লিখিত অভিযোগ কৰিছে আছু কৰ্মীয়ে ৷

Intro:সৰুপথাৰৰ চুঙাজান সীমান্তৰ নাওঘাট বন শিৱিৰৰ নিচেই কাষতে বনাঞ্চলৰ মূল্যবান গছ গছনি কাটি বন বিভাগৰ ছত্ৰছায়াত ভূমি বেদখল কৰি গাঁও পাতিছে সন্দেহজনক নাগৰিকে |
Body:নাওঁজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ চুঙাজান নাওঘাট এলেকাত বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে অসম চৰকাৰৰ এটি বন শিৱিৰ আছে | স্থানীয় আছু কৰ্মীৰ অভিযোগ একাংশ বন বিষয়াই ধনৰ লেনদেন কৰি অসমৰ বনাঞ্চলৰ ভূমি সন্দেহজনক নাগৰিকক বিক্ৰী কৰিছে | বেদখল উচ্ছেদৰ দাবীত গোলাঘাট জিলা উপায়ুক্তক লিখিত অভিযোগ কৰিছে আছু কৰ্মীয়ে

এগৰাকী বেদখলকাৰিয়ে জানিব দিয়া মতে স্থানীয় গাঁও বুঢ়াই বহাইছে এই লোকসকলক |
Conclusion:Byte 1 Aasu leader
Byte - Encroacher

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.