ETV Bharat / state

মৃত্যুদূতলৈ পৰিণত 39নং ৰাষ্ট্ৰীয় ঘাইপথঃ নিহত দুই

author img

By

Published : Dec 2, 2019, 4:21 PM IST

গোলাঘাট জিলাত 39নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ দুয়োটা দুৰ্ঘটনাতে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক ৷

গোলাঘাট পথ দুৰ্ঘটনা, 39নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, গোলাঘাট পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু, Golaghat Road Accident, 39 National Highway Accident, Golaghat Road Accident kills 2, Road Accident in Golaghat 39 National Highway
পথ দুৰ্ঘটনাত নিহত দুজন

গোলাঘাট, 2 ডিচেম্বৰঃ মৃত্যুদূতলৈ পৰিণত হৈছে গোলাঘাট জিলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ দৈনন্দিন ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত হৈ আহিছে দুৰ্ঘটনা ৷ সোমবাৰে সংঘটিত হোৱা দুটাকৈ পৃথক পৃথক দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় এজন লোক ৷

লগতে পঢ়কঃ অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে এইজন লোকে

ঘটনা অনুসৰি, প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয়, কানাইঘাত অঞ্চলত ৷ AS 03 N 1568 পঞ্জীয়নভুক্ত এখন বাইক আৰু AS 05 C 8771 পঞ্জীয়নভুক্ত এখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দিলিপ ভূঞা নামৰ এজন লোক ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় সুৰজ তাঁতী নামৰ আন এজন লোক ৷ ইতিমধ্যে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আনটো দুৰ্ঘটনা সংঘটিত হয়, মৰঙীত ৷ NL 08 H 6856 পঞ্জীয়নভুক্ত এখন ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় অনিল বৰদলৈ নামৰ এজন লোক ৷

গোলাঘাটত পথ দুৰ্ঘটনাত নিহত দুজন

লগতে পঢ়কঃ সংসদত উত্থাপন হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথটোত দ্ৰুতবেগী ডাম্পাৰৰ বাবেই এইদৰে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে নিৰীহ লোকে ৷ এইক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে স্থানীয় আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই দিনক দিনে বৃদ্ধি পাই আহিছে দুৰ্ঘটনাৰ ঘটনা ৷

Intro:গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথ কিলাৰ হাইৱে লৈ পৰ্যবসিত । একেদিনাই পৃথকে পৃথকে দুটা দুৰ্ঘটনাত দুজনৰ মৃত্যু ।
হয় গোলাঘাট ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মৃত্যুৱে কিৰিলি পাৰিছে । একেদিনাই দুটাকৈ পথ দুৰ্ঘটনাত দুজনৰ কৰুণ মৃত্যু । মৰঙীত এখন NL 08 H 6856 নম্বৰৰ দ্ৰুত বেগী দ্ৰাম্পাৰৰ খুন্দাত থিতাতে নিহত অনিল বৰদলৈ নামৰ এজন লোক । ইফালে নিশা কানাইঘাত অঞ্চলত AS03N1568 এখন বাইক আৰু as05c8771 ৰ দ্ৰাম্পাৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দিলিপ ভূঞা নামৰ এজন যুৱক আৰু সুৰজ তাঁতী নামৰ এজন গুৰুত্বৰ ভাৱে আহত । এনেদৰে এতিয়া মৃত্যু দূতৰ ৰূপ লৈছে গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথে ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.