ETV Bharat / state

নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব সৰু পথাৰৰ দল-সংগঠন

author img

By

Published : Jun 17, 2021, 10:40 PM IST

নগা আগ্ৰাসনৰ কৱলত থকা ধনশিৰিৰ তিনিটাকৈ অ’এনজিচি (ONGC)ৰ তৈলখাদ উদ্ধাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে মানৱ শৃংখল গঢ়ি তোলে একাংশ দল-সংগঠনে ৷ ধনিশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত গঢ়ি তোলে এই মানৱ শৃংখল ৷

protest-in-assam-nagaland-border-of-dhonsiri
ধনশিৰিত নগা আগ্ৰাসনে বন্ধ কৰি ৰাখিছে অএনজিচিৰ তিনিটাকৈ তৈলখাদ

সৰুপথাৰ, 17 জুন : দীৰ্ঘদিনীয়া নগাৰ আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে মানৱ শৃংখল গঢ়ি তোলে সৰুপথাৰৰ একাংশ দল-সংগঠনে ৷ দল সংগঠনৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি নগা আগ্ৰাসনে বন্ধ কৰি ৰাখিছে অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰিত থকা তিনিটাকৈ অ’এনজিচি (ONGC)ৰ তৈলখাদ ৷

দল-সংগঠনৰ বিষয়ববীয়াই অভিযোগ কৰা মতে এই তৈলখাদ তিনিটা নগাৰ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত দুৰ্বল স্থিতি গ্ৰহণ কৰি আহিছে অসম চৰকাৰে ৷ ইফালে এই খাদ তিনিটা নগাৰ আগ্ৰাসনৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এতিয়া লৈকে গোলাঘাট প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানী দল-সংগঠনে ৷

ধনশিৰিত নগা আগ্ৰাসনে বন্ধ কৰি ৰাখিছে অএনজিচিৰ তিনিটাকৈ তৈলখাদ

এনে পৰিপেক্ষিততে আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল-সংগঠনৰ কৰ্মীয়ে তৈলখাদ তিনিটা উদ্ধাৰৰ দাবীত মানৱ শৃংখল গঢ়ি তোলে ৷ ধনিশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত গঢ়ি তোলে এই মানৱ শৃংখল ৷

ইয়াৰোপৰি নগা আগ্ৰাসনৰ পৰা তৈলখাদ তিনিটা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰে আটাইকেইটা সংগঠনে ৷ খাদ তিনিটা উদ্ধাৰৰ ক্ষেত্ৰত যদি শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সীমান্তৱৰ্তী পথে অসমত নগালোকৰ প্ৰৱেশ কৰাত বাধা দিব বুলিও স্পষ্ট কৰি দিছে ধনিশিৰিৰ প্ৰতিটো দল-সংগঠনে ৷

লগতে পঢ়ক : বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.