ETV Bharat / state

বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি নহয় : মন্ত্ৰী অতুল বৰা

author img

By

Published : May 22, 2022, 8:53 PM IST

বোকাখাতত বান সম্পৰ্কীয় আলোচনাত মিলিত হৈ বটদ্ৰৱা কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই (Atul Bora on Bratadava violence) ৷ উক্ত ঘটনাক মন্ত্ৰীগৰাকীয়ে নিন্দা কৰাৰ লগতে দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলি মন্তব্য কৰে ৷ ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

Atul Bora on Bratadava violence
বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি নহয়: মন্ত্ৰী অতুল বৰা

বোকাখাত, 22 মে’: শনিবাৰে বটদ্ৰৱা থানাত সংঘটিত ঘটনাৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে মন্ত্ৰী অতুল বৰাই (Atul Bora on Bratadava violence)৷ এই ঘটনাক মন্ত্ৰীগৰাকীয়ে দুৰ্ভাগ্যজনক আখ্যা দি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন-শৃখলা অটুত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷ বটদ্ৰৱা থানাত আক্ৰমণৰ দৰে নিন্দনীয় কাম ভৱিষ্যতে আৰু নহয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি নহয়: মন্ত্ৰী অতুল বৰা

উল্লেখ্য যে, দেওবাৰে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত জিলাখনৰ লগতে মহকুমাৰ সকলো বিভাগৰ বিষয়াসকলৰ লগত মন্ত্ৰীগৰাকী এক আলোচনাত মিলিত হয় (Atul Bora at Bokakhat sub division office)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি তোলাৰ পাছত বোকাখাত সমষ্টিৰ সম্ভাব্য বান পৰিস্থিতিৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৰ সম্পৰ্কত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্যত ইতিমধ্যে প্ৰথমটো বানে এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ বান আৰু খহনীয়াই তচনচ কৰি পেলাইছে পাহাৰীয়া জিলা ডিমা হাছাওৰ নিউ হাফলং ৰেলৱে’ ষ্টেচনৰ লগতে জিলাৰখনৰ ৰেলপথ আৰু স্থলপথ ৷ হোজাই আৰু নগাঁও জিলাতো বানে বিলাই বিপত্তি নোহোৱা কৰে লক্ষাধিক লোকক ৷ একেদৰে বানৰ কৱলত পৰিছে বৰাক উপত্যকাৰ কাছাৰ জিলা ৷ বৰ্তমানেও ৰাজ্যৰ বহু অঞ্চলত অব্যাহত আছে বানৰ তাণ্ডৱ ৷

লগতে পঢ়ক: আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.