ETV Bharat / state

Abandoned Govt Office: দুজনকৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিচতো পৰিত্যক্ত এখন চৰকাৰী কাৰ্যালয়

author img

By

Published : Jul 6, 2023, 5:48 PM IST

Merapani agriculture sub-divisional office has not functional even inaugurated by two Chief Ministers
দুজনকৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা পিচতো কাৰ্যক্ষম নহ’ল মেৰাপানী কৃষি মহকুমা কাৰ্যালয়

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ মেৰাপানীৰ কৃষি মহকুমা কাৰ্যালয়ৰ দুৰ্গতি ৷ মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীৰেই চলিছে বিয়াগোম কৃষি বিভাগৰ কাৰ্যালয় ৷

দুজনকৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা পিচতো কাৰ্যক্ষম নহ’ল মেৰাপানী কৃষি মহকুমা কাৰ্যালয়

মেৰাপানী, 6 জুলাই : কৃষিমন্ত্ৰী ডাঙৰীয়া শুনিছেনে ? ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ মেৰাপানীৰ কৃষি মহকুমা কাৰ্যালয়ৰ দুৰ্গতি ৷ মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীৰেই চলিছে বিয়াগোম কৃষি বিভাগৰ কাৰ্যালয় ৷ পৰিত্যক্ত অৱস্থাৰ পৰা যেনেতেনে প্ৰাণ পাইছে এইটো মেৰাপানী কৃষি মহকুমা কাৰ্যালয় ৷

এবাৰ নহয় দুবাৰকৈ দুজন মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিছিল এই কাৰ্যালয়টো ৷ কিন্তু তাৰ পাচতো আজিলৈকে কাৰ্যক্ষম নহ’ল মেৰাপানী কৃষি মহকুমা কাৰ্যালয়টো। ফলত বছৰ বছৰ ধৰি কৃষি বিভাগৰ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে মেৰাপানীৰ ৰাইজ ।

দৈয়াং মেৰাপানীৰ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া দাবী মতে ২০০১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উদ্বোধন কৰিছিল এই কৃষি মহকুমাৰ কাৰ্যালয়টো । তাৰ পাচতো পৰিত্যক্ত হৈ পৰি আছিল কাৰ্যালয়টো ৷ ইখনৰ পিচত সিখন চৰকাৰ আহিল আৰু গ'ল ৷ কিন্তু বিষয়া কৰ্মচাৰীহে নাহিল কাৰ্যালয়টোলৈ।

ইয়াৰ পাচতেই 2010 চনত কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুনৰ কাৰ্যালয়টো উদ্বোধন কৰি পুনৰবাৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও মুৰকত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিলে মেৰাপানী কৃষি মহকুমা কাৰ্যালয়ে। দীৰ্ঘদিন ধৰি গোলাঘাট জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰাই দ্বায়িত্ব পালন কৰি আহিছে কৃষি সম্প্ৰসাৰণ বিষয়াগৰাকী আৰু সহকাৰী পৰিৰ্দশক দুয়োজনে। নিয়ম মাফিক মাহেক-পষেকে পৰিত্যক্ত কাৰ্যালয়টোত এপাক মাৰে যদিও ইয়াত নাই কাগজ পত্ৰ, আচবাব, গুদাম গৃহ অথবা কোনো কৃষিৰ সামগ্ৰী বা বীজ।

ফলস্বৰূপে বৰ্তমানৰ আহু-শালি খেতিৰ এটা সাধাৰণ কাম এটাৰ কাৰণেই দৈয়াঙৰ এঘাৰ খন পঞ্চায়তৰ কৃষকে ঢাপলি মেলিব লাগে গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্য‍ালয়লৈ। পথাৰৰ কাম এৰি ঢপলিয়াই অহা কৃষকে সাৰ, দৰৱ , স্প্ৰে মেছিন বা বীজ বিচাৰি অহাৰ নামতো খাব লাগে হাবাথুৰি। ফলস্বৰূপে কৃষিমন্ত্ৰী অতুল বৰা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক কৃষি মহকুমা কাৰ্যালয়টি পুনৰুজ্জীৱিত কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Assam Constituency Delimitation: সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.