ETV Bharat / state

প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

author img

By

Published : Jun 27, 2020, 2:10 PM IST

massive flood in kaziranga national park
প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

সাম্প্ৰতিক বান পৰিস্থিতিয়ে সংকট নমাই আনিছে কাজিৰঙাৰ জীৱকুললৈ ৷ ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ 50 শতাংশ অঞ্চল বুৰ গৈছে বানত ৷

গোলাঘাট, 27 জুনঃ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ বানে সম্প্ৰতি সংকট কঢ়িয়াই আনিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ ইতিমধ্যে বিধ্বংসী বানে প্লাৱিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 50 শতাংশ অংশ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ শতাধিক বনশিবিৰ এতিয়া বুৰাই পেলাইছে বানে ৷

প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

ব্ৰহ্মপুত্ৰৰ ক্ৰমবৰ্ধমান জলস্তৰৰ বাবে এতিয়া প্লাৱিত হোৱাৰ দিশে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথো ৷ যাৰ বাবে এতিয়া প্ৰাণৰ সংকটত কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে ৷ জিলা প্ৰসাশনে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 37নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও,এতিয়াও অঞ্চলটোত যান-বাহন চলাচল অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বন বিভাগৰ লোকে উদ্ধাৰ কৰিছে কেইবাটাও পহু ৷

প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল
প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

লগতে পঢ়কঃ বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.