ETV Bharat / state

Leopard killed at Bokakhat : জীৱশ্ৰেষ্ঠই মৰিয়াই মৰিয়াই হত্যা কৰিলে নাহৰফুটুকী

author img

By

Published : Oct 16, 2022, 11:59 AM IST

গোলাঘাটৰ বোকাখাতত নাহৰফুটুকীক হত্যা (Leopard killed at Bokakhat)। একাংশ উত্তেজিত লোকে খেদি খেদি মৰিয়াই হত্যা কৰে নাহৰফুটুকীটো । নাহৰফুটুকীটোৰ আক্ৰমণত তিনিগৰাকী লোক আহত ।

Leopard killed at Bokakhat
জীৱশ্ৰেষ্ঠই মৰিয়াই মৰিয়াই হত্যা কৰিলে নাহৰফুটুকী

বোকাখাত, ১৬ অক্টোবৰ : খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্য জীৱ-জন্তু ওলাই অহা নতুন কথা নহয় । কেতিয়াবা যদি বন্যহস্তী, আন কেতিয়াবা বনৰজা । যাৰ বাবে বহুস্থানত ভিন্ন সময়ত বন্য জীৱ-জন্তুৰ সৈতে মানুহৰ সংঘাত হোৱা দেখা যায় (Man wild animal conflict)। কিন্তু এই সংঘাতে কেতিয়াবা চৰম ৰূপ লয় । বহু সময়ত জীৱশ্ৰেষ্ঠৰ হাতত মৃত্যু হয় বন্য জীৱ-জন্তুৰ । অনুৰূপ ঘটনা সংঘটিত হ'ল বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ দুসুঁতিমুখৰ চেঙেলি সুঁতি থানৰ সমীপত । একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী (Villagers killed Leopard in Bokakhat)।

জানিব পৰা মতে নাহৰফুটুকীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । নাহৰফুটুকীৰ আক্ৰমণত তিনিগৰাকী লোক আহত হয় (Injured in leopard attack at Bokakhat)। আহত লোককেইজন দুসুঁতিমুখ গাঁৱৰ ১৫ বছৰীয়া বিতোপন দলে, ৪৫ বছৰীয়া ললিত দলে আৰু ২০ বছৰীয়া মলয় মেদক বুলি জানিব পৰা গৈছে । তেওঁলোকে শনিবাৰে দুপৰীয়া এৰাল দিয়া গৰুক পানী দিবলৈ যাওঁতে সেই ঠাইতে থকা নাহৰফুটুকীটোৱে অতৰ্কিতে আক্ৰমণ কৰে ৷

এই আক্ৰমণত পিঠি, ডিঙি হাতত আঘাত পায় লোককেইজনে । আঘাতপ্ৰাপ্ত তিনিওগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে (Leopard attacks at Bokakhat)৷ ইফালে এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অঞ্চলটোৰ উত্তেজিত একাংশ উদণ্ড লোকে নাহৰফুটুকীটো বিচাৰি উলিয়ায় আৰু খেদি খেদি মৰিয়াই হত্যা কৰে (Leopard killed at Bokakhat)।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে দেৰগাঁৱৰ পৰা বন বিভাগৰ লোক সেই স্থানত উপস্থিত হয় যদিও নাহৰফুটুকীটোক নিষ্ঠুৰ প্ৰকৃতিৰ লোকসকলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । মৃত নাহৰফুটুকীটোক সম্প্ৰতি পানবাৰীস্থিত CWRCত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে । এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নিষ্ঠুৰ লোকৰ এনে আচৰণত অসন্তুষ্ট একাংশ প্ৰকৃতিপ্ৰেমী । বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক লৈও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক:Football match in Baksa: ফুটবল খেলৰ পোষ্টাৰ ফালি চিৰি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.