ETV Bharat / state

26 টা পথৰ আধাৰশিলা স্থাপনেৰে অভিলেখ মৃণাল শইকীয়াৰ

author img

By

Published : Nov 21, 2020, 7:52 PM IST

খুমটাই বিধানসভা সমষ্টিত চাৰে চাৰি বছৰত 500 পকীপথ নিৰ্মাণ কৰে বিধায়ক মৃণাল শইকীয়াই । শনিবাৰে 26 টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি একপ্ৰকাৰ অভিলেখ গঢ়ে খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

Khumtai mla mrinal saikia inaugurates road work
বেতিয়নী পঞ্চায়তত ২৬ টা পথৰ আধাৰশিলা স্থাপন মৃনাল শইকীয়াৰ

খুমটাই, 21 নৱেম্বৰ: খুমটাই বিধানসভা সমষ্টিত এতিয়া উন্নয়নৰ জোৱাৰ । এটা পকীপথৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰি থকা খুমটাই সমষ্টিবাসীক বিগত চাৰে চাৰি বছৰত 500 কিল’মিটাৰ পকী পথ নিৰ্মাণ কৰি দিয়ে বিধায়ক মৃণাল শইকীয়াই । শনিবাৰে 26 টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি একপ্ৰকাৰ অভিলেখ গঢ়ে খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ পথসমূহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে পথ নিৰ্মাণ কৰা আৰু জন্ম-মৃত্যু-বিবাহ একেই বুলি উল্লেখ কৰে ৷ শইকীয়াই কয় যে, কেতিয়া এটা পথ পকীকৰণ হ'ব সেয়া জন্ম-মৃত্যু-বিবাহৰ দৰে ধৰিব নোৱাৰি ।

বেতিয়নী পঞ্চায়তত ২৬ টা পথৰ আধাৰশিলা স্থাপন মৃনাল শইকীয়াৰ

লগতে পঢ়ক: সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.