ETV Bharat / state

গোলাঘাটৰ মুৰফুলনীত জব্দ অবৈধ কাঠ

author img

By

Published : May 30, 2021, 9:11 PM IST

Updated : Jun 7, 2021, 6:37 PM IST

গোলাঘাটৰ মুৰফুলনীত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰিলে অবৈধ কাঠ
গোলাঘাটৰ মুৰফুলনীত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰিলে অবৈধ কাঠ

দেওবাৰে পুৱা এখন অবৈধ নাম্বাৰ বিহীন কাঠ ভৰ্তি বলেৰ পিক আপ ট্ৰাক জব্দ কৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে । গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে খেদি খেদি জব্দ কৰে বাহন খন । প্ৰায় ডেৰ লাখ টকাৰ অবৈধ কাঠ আছিল গাড়ী খনত।

গোলাঘাট, 30 মে’: সমগ্ৰ বিশ্ব ক’ৰণাৰ ভয়াৱহতাত ত্ৰস্তমান যাৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন । কিন্তু তাৰ মাজতে ৰাজ্যত চলি আছে বিভিন্ন অবৈধ ব্যৱসায় । গোলাঘাট জিলাৰ নুমলীগড়ৰ ভিন্ন অঞ্চলতো সংঘটিত হৈছে এই অপৰাধজনিত ঘটনা । সান্ধ্য আইনৰ সময়ত নুমলীগড়ৰ বগীজানৰ পৰা দৈনিক পাৰ হৈছে অবৈধ কাঠভৰ্তি বাহন ।

উল্লেখযোগ্য যে, দেওবাৰে পুৱা এখন অবৈধ নাম্বাৰ বিহীন কাঠ ভৰ্তি বলেৰ’ পিক আপ ট্ৰাক জব্দ কৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে । গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে খেদি খেদি জব্দ কৰে বাহনখন । প্ৰায় ডেৰ লাখ টকাৰ অবৈধ কাঠ আছিল গাড়ী খনত । দীৰ্ঘদিন ধৰি কাৰ্বি আংলঙৰ পৰা মুৰফুলনী হৈ সৰবৰাহ হৈ আছিল অবৈধ কাঠ । গাড়ী খনৰ চালক হেণ্ডিমেনৰ স্বীকাৰোক্তি ভিত্তিত কাঠ সমূহ দেৱজিত গগৈৰ বুলি জানিব পৰা গৈছে ।

গোলাঘাটৰ মুৰফুলনীত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে জব্দ কৰিলে অবৈধ কাঠ

ইপিনে বহু সময় ধৰি ৰহস্যজনক ভাৱে বগীজান আৰক্ষী থানা আৰু মুৰফুলনী খণ্ড বন বিভাগৰ কাৰ্যালয় সমীপেৰে পাৰ হয় এনেধৰণৰ কাঠভৰ্তি ট্ৰাক । ৰাইজৰ অভিযোগ বন মাফিয়াৰ সৈতে বৃহৎ ধনৰ লেনদেনেৰে গোপন মিতিৰালি কৰি এনেদৰে অবৈধ কাঠ ভৰ্তি ট্ৰাকসমূহ পাৰ কৰিবলৈ সুবিধা কৰি দিয়ে বন বিভাগ আৰু আৰক্ষীয়ে ।

লগতে পঢ়কঃ ১৫ আগষ্টৰ ভিতৰত অসমত ৩০ শতাংশ লোকৰ টীকাকৰণ হ'ব: মুখ্যমন্ত্রী

Last Updated :Jun 7, 2021, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.