ETV Bharat / state

গোলাঘাটত আৰক্ষীৰ কমিছনৰ অংক : ১০০ টকাৰ বাবে দৌৰে শিল-বালিৰ গাড়ীৰ পিছত

author img

By

Published : Sep 6, 2022, 3:37 PM IST

Updated : Sep 6, 2022, 4:53 PM IST

গোলাঘাটত মাত্ৰ ১০০ টকাৰ বাবে শিল,বালিৰ গাড়ীৰ পিছত দৌৰে আৰক্ষী (Golaghat Police alleged collected commission) । শিল,বালি গাড়ীৰ লগত মাহেকীয়া হিচাপ চলে পৰিবহণ বিভাগৰো । বন বিভাগতো অব্যাহত আছে শিল, বালি সৰবৰাহৰ নামত ব্যাপক অনিয়ম ।

Golaghat
Golaghat

গোলাঘাট, ৬ ছেপ্টেম্বৰ : ৰক্ষকেই ভক্ষক ! অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে (CM directed Assam Police to strict against crime) । লগতে আৰক্ষীকো স্বচ্ছতা বজাই ৰখাৰ লগতে সকলো সময়তে জনসাধাৰণক সেৱামূলক মনোভাবেৰে কাম কৰিবলৈ নিৰ্দেশ দিছে । আনহাতে, জনসাধাৰণৰ সমস্যা তথা গোচৰসমূহো যিমান পাৰি সোনকালে নিষ্পত্তি কৰাৰো নিৰ্দেশ দিছে । কিন্তু তাৰ মাজতো যেন এচাম আৰক্ষীৰ এতিয়াও গা লৰা নাই (Assam police alleged corruption) । কমিছনৰ অংকত থাকে এইসকল দুৰ্নীতিপৰায়ণ আৰক্ষী । ইয়াৰ শেহতীয়া উদাহৰণ গোলাঘাটৰ এই ঘটনা ।

গোলাঘাটত আৰক্ষীৰ কমিছনৰ অংক

গোলাঘাটত আৰক্ষীয়ে শিল-বালি কঢ়িওৱা গাড়ীৰ পৰা খেদি খেদি সংগ্ৰহ কৰে ১০০ টকাকৈ । বালিৰ গাড়ীৰ সন্ধানত থাকে ফৰকাটিং আৰক্ষী । বাইকেৰে গৈ হ'লেও তেওঁলোকৰ নিয়মীয়া কমিছন আদায় কৰে (Golaghat Police alleged collected commission) । এয়াই হৈছে স্মাৰ্ট আৰক্ষীৰ কাহিনী । কেৱল সিমানেই নহয়,পৰিবহণ বিভাগ আকৌ আৰু এখোপ চৰা । শিল-বালি কঢ়িওৱা গাড়ীৰ পৰা মাহেকীয়া হিচাপত কমিছন লয় পৰিবহণ বিভাগে । সেয়া যেন তেওঁলোকৰ মাহেকীয়া দৰমহাহে ।

অভিযোগ অনুসৰি, গাড়ীৰ মাহেকীয়া হিচাপ কৰিবৰ বাবেই গোলাঘাট পৰিবহণ বিভাগৰ পৰিদৰ্শকে য'তে ত'তে চোপ লৈ থাকে (allegation against Golaghat transport department) । এই ভয়ংকৰ অভিযোগ এগৰাকী বালি ব্যৱসায়ীৰ । উল্লেখ্য, গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে পাঁচখনকৈ বালি কঢ়িওৱা গাড়ী জব্দ কৰাৰ পিছতেই এজন বালি ব্যৱসায়ীয়ে আৰক্ষীৰ পৰা পৰিবহণ বিভাগলৈকে কৰে এই চাঞ্চল্যকৰ অভিযোগ । আনহাতে, বন বিভাগো ইয়াৰ বিপৰীত নহয় (allegation against Golaghat forest department) ।

যিহেতু এখন চালানতে এচাম ব্যৱসায়ীয়ে সপ্তাহ, দহদিন ধৰি বালি সৰহবৰাহ কৰে, কিন্তু সেয়া সম্ভৱ বন বিভাগৰ আশিস থাকিলেহে । উক্ত আশিসৰ আঁৰত কি আছে, সেয়া পিছে সকলোৰে অনুমেয় । মুঠৰ ওপৰত গোলাঘাটত শিল-বালিক কেন্দ্ৰ কৰি আৰক্ষী, পৰিবহণ বিভাগ, বন বিভাগৰ পৰা আৰম্ভ কৰি একাংশ ব্যৱসায়ীৰ বাবে এয়া সহজ ধন আহৰণৰ পন্থা হৈ পৰিছে ।

লগতে পঢ়ক :গীতানগৰ আৰক্ষীৰ জালত এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ

Last Updated : Sep 6, 2022, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.