ETV Bharat / state

প্লাষ্টিকমুক্ত নে প্লাষ্টিকযুক্ত কাজিৰঙা

author img

By

Published : Aug 25, 2022, 5:25 PM IST

Kaziranga National Park
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অসম পৰ্যটনৰ হটস্পটৰূপে বিবেচিত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ হৈছে কহঁৰা ৷ কাজিৰঙা পৰ্যটনৰ বাবে অহা প্ৰতিজন দেশী-বিদেশী পৰ্যটক আহি প্ৰথমে কহঁৰা চাৰিআলিত উপস্থিত হয় আৰু তাৰপৰাই তেওঁলোক আগবাঢ়ে কাজিৰঙা দৰ্শনৰ বাবে ৷

বোকাখাত, 25 আগষ্ট: সততে প্লাষ্টিকমুক্ত কাজিৰঙাৰ কথা কোৱা হয়(World heritage site Kaziranga national park) ৷ কিন্তু বাস্তৱক্ষেত্ৰত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিত থকা জাৱৰৰ দমে প্ৰতিজন লোকৰ মনত প্ৰশ্ন উত্থাপন কৰিছে যে প্লাষ্টিকমুক্ত নে প্লাষ্টিকযুক্ত কাজিৰঙা ? চৰকাৰে বিভিন্ন সময়ত প্লাষ্টিকমুক্ত অসমৰ শ্ল’গান দিয়ে ৷ কিন্তু বাস্তৱক্ষেত্ৰত যদি চোৱা যায় কেৱল শ্ল’গানতে যেন সীমাবদ্ধ হয় প্লাষ্টিকমুক্ত অসম গঢ়াৰ কথা ৷

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে, অসম পৰ্যটনৰ হটস্পট ৰূপে বিবেচিত হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিত পৰ্যটনৰ সময়ছোৱাত প্ৰতিজন দেশী-বিদেশী পৰ্যটক আহি প্ৰথমে উপস্থিত হয় আৰু তাৰ পাছতে এক জাৱৰৰ দম তথা কদৰ্যময় পৰিৱেশৰ মাজেৰে তেওঁলোকে কাজিৰঙা দৰ্শনৰ বাবে আগবাঢ়ে(Tourist Attractions In Kaziranga National Park) ৷

সমান্তৰালকৈ জাৱৰৰ দম বা প্লাষ্টিকসমূহ মাত্ৰ এজাক বৰষুণতে কাষতে থকা কহঁৰা নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ৷ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বাবে অতি ভয়াবহ হৈ পৰে ৷ কিয়নো ইয়াৰ ফলত প্লাষ্টিক বা প্ৰদূষিত পানী সেৱন কৰিবলগীয়া হয় কাজিৰঙাৰ জীৱকূলে ৷ ইয়াৰোপৰি কহঁৰা আৰক্ষী চকীৰ সন্মুখত পৰি ৰোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহেও কাজিৰঙাৰ সৌন্দৰ্যত কালিমা সানিছে(Kahara Police Station) ৷

তদুপৰি জাৱৰৰ দমৰ সন্মুখেদিয়েই কাজিৰঙা পৰ্যটনৰ মুখ্য কাৰ্যালয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ বিভাগীয় বৰমূৰীয়াসকল অহা যোৱা কৰাৰ পাছতো এক প্ৰকাৰ সকলোৱে নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বৰচলা সমষ্টিৰ বান বিধ্বস্ত অঞ্চলত পথৰ দুৰৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.