ETV Bharat / state

French Boy Married Assamese Girl Shruti : অসমৰ শ্ৰুতিৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল ফ্ৰান্সৰ ৰবীন

author img

By

Published : Nov 30, 2021, 8:45 PM IST

French boy Rabin married shruti
অসমৰ শ্ৰুতিৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল ফ্ৰান্সৰ ৰবীন

সাত সাগৰ তেৰ নদীৰ পাৰৰ পৰা আহিছে দৰা । কইনা বৰপথাৰৰ । হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি বৰপথাৰৰ শ্ৰুতিৰ শিৰত সেন্দুৰ পিন্ধালে ফ্ৰান্সৰ ৰবীনে (Hindu rituals marriage) ।

সৰুপথাৰ, ৩০ নৱেম্বৰ: প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল । প্ৰেমাস্পদক জীৱন সংগী কৰি লোৱাৰ উদ্দেশ্যেৰে সাত সাগৰ তেৰ নদী পাৰ হৈ গোলাঘাটৰ বৰপথাৰ পালেহি ফ্ৰান্সৰ এজন যুৱক । কৰ্মসূত্ৰে দুয়োজন লণ্ডনত থকাৰ সময়তে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল ফ্ৰান্সৰ ৰবীন আৰু অসমৰ শ্ৰুতিৰ মাজত । লাহে লাহে বন্ধুত্বৰ সম্পৰ্কই প্ৰেমৰ ৰূপ পালে ।

এই মিঠা প্ৰেম কাহিনীক বিবাহৰ স্বীকৃতি দিয়াৰ বাবে ৰবীন আহিছে বৰপথাৰলৈ । বৰপথাৰৰ ডাঃ বিশ্বজিৎ দেৱৰ কন্যা শ্ৰুতিৰ লগত বিয়াত বহিল ৰবীন(French guy married a girl from Assam) । সোমবাৰে নিশা ডাঃ বিশ্বজিৎ দেৱৰ বৰপথাৰ নগৰস্থিত বাসগৃহত হিন্দু ধৰ্মীয় পৰম্পৰাৰে উলহ-মালহেৰে বিবাহ সম্পন্ন হয় (Hindu rituals marriage) শ্ৰুতি আৰু ৰবীনৰ । কৰ্মসূত্ৰে দৰা আৰু কইনা দুয়ো থাকে লণ্ডনত ।

অসমৰ শ্ৰুতিৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল ফ্ৰান্সৰ ৰবীন

কইনা শ্ৰুতি পেচাত এগৰাকী অধিবক্তা আৰু দৰা ৰবীন এজন চফ্টৱেৰ ইঞ্জিনিয়াৰ । লণ্ডনতে চিনাকী হৈ তিনিবছৰীয়া প্ৰেমৰ অন্তত সোমবাৰে বিবাহপাশত আৱদ্ধ হৈ দাম্পত্য জীৱনৰ পাতনি মেলে শ্ৰুতি আৰু ৰবীনে ।

অৱশ্যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিয়াখন নিৰ্ধাৰিত দিনতকৈ কিছু পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে কইনা শ্ৰুতিয়ে । ইপিনে মহামাৰীৰ বাবেই দৰা ৰবীনৰ পিতৃ-মাতৃ অথবা পৰিয়ালৰ কোনো লোক বিবাহ উপলক্ষে অসমলৈ আহিব নোৱাৰাত অকলেই ৰবীন উপস্থিত হ'লহি আৰু জীৱন সংগী কৰি ললে শ্ৰুতি দেৱক । প্ৰেমাস্পদক আপোন কৰি ল'বলৈ পাই অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে শ্ৰুতি আৰু ৰবীনে ।

অনন্দ প্ৰকাশ কৰিলে শ্ৰুতিৰ পিতৃ-মাতৃ আৰু আত্মীয়য়ো । ফ্ৰান্সৰ দৰা ৰবীনে অসম প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়েও প্ৰসংশা কৰে । অসমীয়াতে কথা ক'বলৈও চেষ্টা কৰে ৰবীনে । সুখে-দুখে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে শ্ৰুতি আৰু ৰবীনে ।

লগতে পঢ়ক:Covid Resistant Mask: গুৱাহাটী আই আই টিৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.