ETV Bharat / state

Fake Medical Officer sudden visit : ছাডেন ভিজিট দিবলৈ অহা বিষয়াৰ বাহনত বিলাতী সুৰাৰ বটল

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:42 PM IST

নিশা গোলাঘাটৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ স্বাস্থ্য বিভাগৰ বিষয়া আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি দি চিকিৎসালয়ত ছাডেন ভিজিট দিবলৈ আহি বিপদত এজন বিষয়া ৷ এইগৰাকী চিকিৎসকগৰাকীৰ বাহনত ওলাল আকৌ বিলাতী সুৰাৰ বটলো ৷

Golaghat Fake Medical Officer
গোলাঘাটৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা

চিকিৎসালয়ত ছাডেন ভিজিট দিবলৈ আহি বিপদত এজন বিষয়া

গোলাঘাট, 30 অক্টোবৰ : ৰাজ্যৰ চিকিৎসালয়সমূহৰ অধীক্ষকসকল সাৱধান হওক ৷ ৰাজ্যৰ চিকিৎসালয়সমূহত নিশা হ’ব পাৰে ছাডেন ভিজিট ৷ তাতে আকৌ ছাডেন ভিজিট দিবলৈ আহিব পাৰে ভুৱা চিকিৎসক বা নিজকে চিকিৎসা বিভাগৰ লগত জড়িত বুলি উল্লেখ কৰা কোনো লোক ৷ কিয়নো দেওবাৰে নিশা গোলাঘাটৰ চিকিৎসালয়ত সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনাই ৷

স্বাস্থ্য বিভাগৰ বিষয়া আৰু নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি চিনাকি দি চিকিৎসালয়ত ছাডেন ভিজিট দিবলৈ আহি বিপদত পৰিল এজন বিষয়া ৷ নাম গৌতম শৰ্মা ৷ শনিবাৰে পৰিয়াল পৰিকল্পনা সঞ্চালক (Family Planing Director) হিচাপে চিনাকি দি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকগৰাকীক ফোনযোগে চিকিৎসালয়খনত DPM থাকিব লাগিব বুলি উল্লেখ কৰে ৷ তেতিয়াই অধীক্ষকগৰাকীৰ কিছু সন্দেহ উপজে গৌতম শৰ্মাৰ ওপৰত ৷

গোলাঘাটৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা

তেতিয়া গোলাঘাট অসামৰিক চিকিৎসালয়ৰ অধীক্ষক উত্তম দত্তই গৌতম শৰ্মা নামৰ ব্যক্তিজনৰ পৰা পৰিচয় পত্ৰ বিচাৰে ৷ গৌতম শৰ্মাই পৰিচয় পত্ৰ দিব নোৱাৰাত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক চমজাই দিয়ে ৷ কিন্তু আৰক্ষীয়ে তেওঁক ফটো এখন মাৰি এৰি দিয়ে বুলি উল্লেখ কৰে অধীক্ষক উত্তম দত্তই ৷

আনহাতে, নিজকে পৰিয়াল পৰিকল্পনা বিভাগৰ সঞ্চালক বুলি চিনাকি দিয়া বিষয়াগৰাকীৰ মুখত কেৱল ইংৰাজী শব্দ ৷ গৌতম শৰ্মা বুলি নিজকে চিনাকি দিয়া বিষয়াগৰাকীয়ে যদি সঁচাকৈয়ে ছাডেন ভিজিট দিবলৈ চিকিৎসালয়খনলৈ আহিছিল, তেতিয়া কিয় চিকিৎসালয়খনৰ চিকিৎসকক ফোন কৰি জনাই লৈছিল ৷ নিজকে স্বাস্থ্য বিভাগৰ বিষয়া হিচাপে চিনাকি দিয়া গৌতম শৰ্মাই সংবাদ মাধ্যমৰ আগত ইতিমধ্যে হাইলাকান্দি আৰু কৰিমগঞ্জত ভিজিট কৰাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক : Deprived of govt benefits: উৰুখা পঁজাৰ অকলশৰীয়া ব’হাগী আইতাৰ কৰুণ গাঁথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.