ETV Bharat / state

গোলাঘাটৰ থুৰাজান চাহ বাগিচাত হাতী খেদিবলৈ বন বিভাগৰ অভিযান

author img

By

Published : Aug 4, 2021, 4:45 PM IST

মঙলবাৰে নিশা গোলাগাটৰ থুৰাজান চাহ বাগিচাত প্ৰায় তিনি ঘণ্টা ধৰি বন্যহস্তী খেদোৱাৰ অভিযানত নামি পৰে বনকৰ্মীৰ দল । শূন্যলৈ গুলীচালনাও কৰে বনকৰ্মীয়ে । নামবৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল ২০ৰ পৰা ২৫টা হাতীৰ এটা জাকে ।

গোলাঘাটৰ থুৰাজান চাহ বাগিচাত হাতী খেদিবলৈ বন বিভাগৰ অভিযান

গোলাগাট, ৪ আগষ্ট: গোলাঘাটত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দিনে-নিশাই চাহ বগিচাত উপস্থিত থাকি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে । মঙলবাৰে নিশাও গোলাগাটৰ থুৰাজান চাহ বাগিচাত বন বিভাগে বন্যহস্তী খেদোৱাৰ বাবে প্ৰায় তিনি ঘণ্টা ধৰি চেষ্টা চলায় । বন বিভাগে প্ৰথমে ফটকা ফুটাই হাতীৰ জাকটোক খেদোৱাৰ চেষ্টা চলায় । কিন্তু হাতীৰ জাকটো আঁতৰি নোযোৱাত শূন্যলৈ গুলীচালনা কৰে ।

অৱশেষত আশা কৰাৰ দৰে সফল হ'ল বন বিভাগৰ দলটো । হাতীৰ জাকটো পুনৰ বনাঞ্চললৈ উভতি যায় । নামবৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল ২০ৰ পৰা ২৫টা হাতীৰ এটা জাক । হাতীৰ জাকটোক জনাঞ্চলত প্ৰৱেশ কৰাত বাধা দিবলৈ বনকৰ্মীয়ে নিশা চেষ্টা চলায় ।

গোলাঘাটৰ থুৰাজান চাহ বাগিচাত হাতী খেদিবলৈ বন বিভাগৰ অভিযান

উল্লেখ্য যে, নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি প্ৰায়েই জনাঞ্চলত প্ৰৱেশ কৰে । অঞ্চলটোৰ ৰাইজে শংকিত হৈ হাতী খেদোৱাৰ চেষ্টা চলায় আৰু হাতীয়েও মানুহক আক্ৰমণ কৰে । লগতে বাসগৃহ, খেতিপথাৰ আদিৰ ক্ষতিসাধন কৰে ।

এইদৰে গোলাঘাটৰ নামবৰ বনাঞ্চলৰ আশে-পাশে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত । বন্যহস্তীৰ উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী । কিয়নো, অতি কষ্টেৰে খেতি কৰাৰ পাছত হাতীয়ে সকলোবোৰ নষ্ট কৰে । কেৱল এয়াই নহয়, নিশা হাতীয়ে অঞ্চলটোত প্ৰৱেশ কৰিলে মানুহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ আশংকা বাঢ়ে ।

বন বিভাগে পূৰ্বে হাতী খেদোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে । কিন্তু খাদ্যৰ সন্ধানত বাৰে বাৰে জনাঞ্চলত বন্যহস্তী প্ৰৱেশ কৰে । এই সংঘাত দূৰ কৰিবলৈ নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোক জনাঞ্চললৈ যোৱাত বাধা প্ৰদান কৰিবলৈ মঙলবাৰে বন বিভাগে অভিযান চলায় ।

লগতে পঢ়ক:আজিৰে পৰা পুনৰ আৰম্ভ হ’ল বাজেট অধিৱেশন: লাভলীনাৰ খেলৰ সাক্ষী হ'ব সদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.