ETV Bharat / state

এটা আলমিৰাই প্ৰাণ বচালে এগৰাকী কিশোৰীৰ

author img

By

Published : Jun 6, 2021, 9:29 PM IST

elephant terror at golaghat
ৰক্ষকৰ ৰূপত এটি আলমিৰা

বন্যহস্তী আৰু মানৱৰ সংঘাতে ৰাজ্যত লৈছে ভয়ংকৰ ৰূপ ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ বনাঞ্চল ধ্বংসৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ শনিবাৰে মাজনিশা গোলাঘাটৰ মাজুলী গাঁৱত সংহাৰ চলালে এটি বনৰীয়া হাতীয়ে ৷ হাতীটোৰ সংহাৰত কোনো মতে প্ৰাণ ৰক্ষা পৰিলে এগৰাকী কিশোৰীৰ ৷

গোলাঘাট, 6 জুন : ৰাজ্য়ত অব্যাহত আছে বন্যহস্তী আৰু মানৱৰ সংঘাত ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ একাংশই বনাঞ্চল ধ্বংস কৰি অহাৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ উভয় পক্ষৰ সংঘাতত কেতিয়াবা যদি মানুহে প্ৰাণ হেৰুৱাইছে কেতিয়াবা আকৌ প্ৰাণ হেৰুৱাইছে হাতীয়ে ৷ শনিবাৰে মাজনিশা মুষলধাৰ বৰষুণৰ মাজতে গোলাঘাটৰ মাজুলী গাঁৱত সংহাৰ চলালে এটা বনৰীয়া হাতীয়ে ৷

ৰক্ষকৰ ৰূপত এটি আলমিৰা

জাক পৰা আঁতৰি অহা হাতীটোৰ সংহাৰত কোনো মতে প্ৰাণ ৰক্ষা পৰিলে এগৰাকী কিশোৰীৰ ৷ বৃহৎ হাতীটোৱে কিশোৰী গৰাকীক শুৰেৰে টানিবলৈ লওঁতেই এটি আলমাৰি বাগৰি পৰাত কোনো মতে, প্ৰাণ ৰক্ষা কৰে কিশোৰী গৰাকীৰ ৷ উল্লেখ্য যে, গাঁওখনৰ যজ্ঞেশ্বৰ বৰা,বগাই বৰা,দীপ দত্ত আৰু জিতু কাকতি নামৰ লোক কেইজনৰ বাসগৃহ ভাঙি তাণ্ডৱ চলাই বনৰীয়া হাতীটোৱে ৷

লগতে পঢ়ক: খাদ্যৰ সন্ধানত হাতীমূৰাৰ লুইতৰ চৰত আশ্ৰয় এজাক বন্যহস্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.