ETV Bharat / state

গোলাঘাটৰ দেওপাহাৰত আবদ্ধ হাতী পোৱালি উদ্ধাৰ

author img

By

Published : May 31, 2019, 6:58 PM IST

গোলাঘাট দেওপাহাৰৰ কাষৰ এটা খালত আবদ্ধ এটা বন্য হস্তীৰ পোৱালী ৷ নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ এটা বৃহৎ জাকৰ লগত থকা পোৱালীটো প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থাকে দেওপাহাৰৰ কাষৰ চাহ বাগিচাৰ মাজত থকা এটা খালত

দেওপাহাৰৰ খালত আবদ্ধ হাতী পোৱালি

গোলাঘাট, 31 মে': গোলাঘাট দেওপাহাৰৰ খালত আবদ্ধ এটি কণমানি হাতী পোৱালী। বহু পলমকৈ উপস্থিত উদ্ধাৰকাৰী দল। উদ্ধাৰকাৰী দলৰ ওপৰত ক্ষোভিত স্থানীয় ৰাইজ ৷ গোলাঘাট দেওপাহাৰৰ কাষৰ এটা খালত আবদ্ধ এটা বন্য হস্তীৰ পোৱালী ৷ নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ এটা বৃহৎ জাকৰ লগত থকা পোৱালীটো প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থাকে দেওপাহাৰৰ কাষৰ চাহ বাগিচাৰ মাজত থকা এটা খালত। হাতী পোৱালিটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় ৰাইজে বহু চেষ্টা কৰি পোৱালিটো সুস্থ অৱস্থাত উদ্ধাৰ কৰে ৷ কিন্তু তাৰ বিপৰীতে হাতী পোৱালিটো খালত আবদ্ধ হৈ থকাৰ কথা নুমলীগড় বনবিভাগক অৱগত কৰাৰ পিছতো হাতী পোৱালীটো উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। যাৰ বাবে স্থানীয় ৰাইজে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰত খবৰ দিয়াৰ পাচত ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। আনহাতে স্থানীয় ৰাইজে উদ্ধাৰকাৰী দলটোৰ সহায়ত মৰণত শৰণ দি সুস্থ অৱস্থাত হাতী পোৱালিটো দেওপাহাৰত অৱস্থান কৰি থকা পোৱালিটোৰ মাকক গতাই দিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ যাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ লোকে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰি লৈ যায় হাতী পোৱালীটো ৷

দেওপাহাৰৰ খালত আবদ্ধ হাতী পোৱালি
Intro:গোলাঘাট দেওপাহাৰৰ খালত আবদ্ধ এটা কণমানি হাতী পোৱালী । বহু পলমকৈ উপস্থিত উদ্ধাৰকাৰী দল ।
Body:গোলাঘাট দেওপাহাৰৰ কাষৰ এটা খালত আবদ্ধ এটা বন্য হস্তী ৰ পোৱালী । নিশা খাদ্যৰ সন্ধান ত ওলাই অহা হাতীৰ এটা বৃহৎ জাকৰ লগত থকা কেইবাটাও হাতী পোৱালি ৰ মাজৰ এই হাতী পোৱালীটো প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থাকে দেওপাহাৰৰ কাষৰ চাহ বাগিচাৰ খালত । পিছত স্থানীয় ৰাইজে বহু চেষ্টা কৰি হাতী পোৱালীটো সুস্থ অৱস্থাত উদ্ধাৰ কৰে । কিন্তু তাৰ বিপৰীতে হাতী পোৱালি টো খালত আবদ্ধ হৈ থকাৰ কথা নুমলীগড় বনবিভাগক অৱগত কৰাৰ পিছতো হাতী পোৱালী টো উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । আৰু নিৰ্দিষ্ট দূৰত অৱস্থান কৰি স্থানীয় ৰাইজৰ উদ্ধাৰ কাৰ্য চাই থাকিল । ইফালে স্থানীয় ৰাইজে কাজিৰঙাৰ পানবাৰী স্থিত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। আনহাতে মৰণক শৰণ দি স্থানীয় লোক সকলে সুস্থ অৱস্থাত হাতী পোৱালীটোক উদ্ধাৰ কৰি কাষতে দেওপাহাৰত অৱস্থান কৰি থকা হাতী পোৱালীটোক মাকক গতাই দিবলৈ চেষ্টা কৰিও বহু সময় ধৰি বিফল হৈছিল । আৰু প্ৰায় ৩ ঘণ্টা ধৰি চেষ্টা কৰি অৱশেষত মাকক গতাই দিবলৈ সক্ষম হয় যদিও পুনৰ মাকৰ পৰা বিচ্ছিন্ন হয় পোৱালীটো । আৰু অৱশেষত বহু পলমকৈ উপস্থিত হোৱা কাজিৰঙাৰ পানবাৰী স্থিত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ লোকে ট্ৰেংকোলাইজ কৰি উদ্ধাৰ কৰি লৈ যায় হাতীৰ পোৱালীটো ।Conclusion:Byte 1 : স্থানীয় ব্যক্তি
Byte 2 : বন বিষয়া
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.