ETV Bharat / state

নুমলীগড়ত মৃত হাতী পোৱালি উদ্ধাৰ

author img

By

Published : Jan 2, 2021, 10:58 PM IST

গোলাঘাটৰ নুমলীগড়ত উদ্ধাৰ হৈছে এটা মৃত হাতী পোৱালি । নুমলীগড়ৰ বৰচাপৰিৰ পথাৰৰ মাজত উদ্ধাৰ হয় হাতী পোৱালিটো ।

নুমলীগড়ত মৃত হাতী পোৱালি উদ্ধাৰ
নুমলীগড়ত মৃত হাতী পোৱালি উদ্ধাৰ

গোলাঘাট, ২ জানুৱাৰী : শনিবাৰে গোলাঘাটৰ নুমলীগড়ৰ বৰচাপৰিত এটা মৃত হাতী পোৱালি উদ্ধাৰ হয় । বৰচাপৰিৰ পথাৰৰ মাজত উদ্ধাৰ হয় হাতী পোৱালিটো । কণমানি পোৱালিটো এসপ্তাহ মান পূৰ্বে জন্ম হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে । জাকত থকা আন হাতীৰ গচকত কণমানি পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ।

নুমলীগড়ত মৃত হাতী পোৱালি উদ্ধাৰ

পুৱা মৃত হাতী পোৱালিটো প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে ফোনযোগে বন বিভাগক খবৰ দিয়ে । বৰ্তমান বন বিভাগৰ লোকে হাতী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে, শুক্ৰবাৰে নিশা বৃহৎ হাতীৰ এটা জাকে বৰচাপৰিত প্ৰৱেশ কৰিছিল । এই জাকটোৰ লগতে কণমানি পোৱলিটোও আহিছিল বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:মৰিগাঁৱৰ পাঁচ গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি মেধা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.