ETV Bharat / state

গোলাঘাটত বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠক জিলা প্ৰশাসনৰ

author img

By

Published : Dec 10, 2020, 8:39 PM IST

election preperation meting
গোলাঘাটত বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠক জিলা প্ৰশাসনৰ

বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৷ গোলাঘাট জিলাৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠকত মিলিত হয় গোলাঘাট জিলা প্ৰশাসন ৷ সজাগতাৰ মাজেৰে কি দৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে বৈঠকত ৷

গোলাঘাট, 10 ডিচেম্বৰ : বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ সমানে সমানে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় গোলাঘাট জিলা প্ৰশাসন ৷ গোলাঘাট জিলাৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসৰি জিলা পুথিভঁৰালত খুমটাই আৰু গোলাঘাট বিধান সভা সমষ্টিৰ বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠকত মিলিত হয় ৷

গোলাঘাটত বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে নিৰ্বাচনী বৈঠক জিলা প্ৰশাসনৰ

উল্লেখ্য যে, এই নিৰ্বাচনী বৈঠকত সজাগতাৰ মাজেৰে কি দৰে ১৮ বছৰৰ ব্যক্তিয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ভুল হৈ থকা তথ্য শুদ্ধৰণি কৰাৰ লগতে সমষ্টি সাল-সলনি আদি নিৰ্দিষ্ট প-পত্ৰ জৰিয়তে কেনেদৰে কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে পঢ়ক: বুলেটৰ পৰা বেলট লৈ বি আৰ ফেৰেংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.