ETV Bharat / state

কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

author img

By

Published : Aug 20, 2021, 7:18 PM IST

কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..
কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

কি যে হ’বলৈ ধৰিছে নহয় এই সমাজ খনত ৷ প্ৰতিদিনে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত বৃদ্ধি পাবলৈ ৷ এইবাৰ গোলাঘাটত পথৰ কুকুৰ কেইটাও বাচি নগ’ল তেওঁলোকৰ পৰা ৷ কোননো তেওঁলোক, কি কৰিলে জানিবলৈ পঢ়ক এই বাতৰি...

গোলাঘাট,20 আগষ্ট: আপুনি সাধাৰণতে চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সংবাদ প্ৰতিদিনে লাভ কৰিয়েই থাকে ৷ চোৰে বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰে যেনে, ছাগলী, হাঁহ, কুকুৰা, গাড়ী, বাইক, আ-অলংকাৰ, টকা পইচা ইত্যাদি ৷ কিন্তু এইবাৰ গোলাঘাটত এবিধ বিশেষ বস্তু চুৰি হোৱাক কেন্দ্ৰকৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চোৰে সংঘটিত কৰা সমগ্ৰ চুৰি কাৰ্য বন্দি হৈ ৰৈছে চিচিটিভি কেমেৰাত ৷ যি দৃশ্য দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে ৷

আহকচোন জানো এতিয়া প্ৰকৃততে ঘটনাটো কি ? চোৰৰ পৰা এইবাৰ বাচি নগ’ল কুকুৰ ৷ হয় গোলাঘাটতে সংঘটিত হৈছে এই ঘটনাটো ৷ গোলাঘাট নগৰৰ ন-পুৰৰ ৰাজপথৰৰ পৰাই নিৰুৰ্দ্দেশ হৈছে এটা কুকুৰ ৷ এখন বিলাসী বাহানত অহা চোৰে প্ৰথমতে পথতত দুটা বিচৰণ কৰি থকা দুটা কুকুৰ প্ৰত্যক্ষ কৰে ৷ লগে লগে তেওঁলোকে পৰিকল্পনা কৰিলে কেনেকৈ নো এই আপুৰুগীয়া সম্পদ কেইটাৰ এটা নিব লাগে ৷

কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

লগতে পঢ়কঃ বঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক

তাৰ পাচতে আৰম্ভ হ’ল অভিযান ৷ এটা চোৰে বিলাসী বাইকখনতে বহি বস্তাৰ মুখখন মেলি ধৰে আৰু আন এটা চোৰে অতি কৌশলৰে কুকুৰটো ধৰি বস্তাটো ভৰাই ৷ ইফালে সিফালে চাই ঘটনা স্থলীৰ পৰা পলায়ন কৰে ৷ যি দৃশ্য বন্দি হৈ ৰয় গৃহস্থৰ চিচিটিভি কেমেৰাত ৷

কুকুৰ চোৰ হোৱৰা সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত দেখি হতবাক হৈ পৰে গৃহস্থ ৷ লগে লগে গৃহস্থই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ দৃশ্য সংগ্ৰহ কৰিছে যদিও এতিয়ালৈকে ধৰা পেলাব পৰা নাই চোৰ দুটাক ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় নে নাই কুকুৰ চোৰ দুটাক ৷

উল্লেখযোগ্য যে, গোলাঘাটৰ বিভিন্ন অঞ্চলৰ পৰা এনেদৰে কুকুৰ চুৰি ঘটনা সংঘতিত হৈ আহিছে ৷ একাংশ দুৰ্বৃত্তই এনেদৰে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা কুকুৰ চুৰি কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে ৷ যি বিষয়টোৱে সচেতন মহ’লৰ লগতে প্ৰকৃতি প্ৰেমীক উদ্বিগ্ন কৰি তুলিছে ৷

লগতে পঢ়ক: প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয় পৰিষদৰ নেতাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.