ETV Bharat / state

প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয় পৰিষদৰ নেতাক আটক

author img

By

Published : Aug 20, 2021, 1:14 PM IST

AJP leaders arrested at Sonari
অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান আৰক্ষীৰ

চৰাইদেউৰ সোণাৰিত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান আৰক্ষীৰ । প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰিলে দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সহ বহুকেইজন নেতাক । কৃষকসকলৰ বিভিন্ন সমস্যা সমাধান কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দলটোৰ কৰ্মকৰ্তাসকলে ।

মৰাণ, ২০ আগষ্ট : বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ আহ্বানত ৰাজ্যজুৰি ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল । দলটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে চৰাইদেউ জিলা সমিতিয়েও গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল । কিন্তু প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰোঁতেই সেই স্থানত সোণাৰি আৰক্ষী উপস্থিত হৈ বাধা প্ৰদান কৰে । দুয়ো পক্ষৰ মাজত সংঘাতপূৰ্ণ পৰিস্থিতি সৃষ্টি হোৱা বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ইজৰাইল নন্দসহ কেইবাজনো নেতাক আটক কৰে ।

অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান আৰক্ষীৰ

আৰক্ষীয়ে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ইজৰাইল নন্দ, সাংগঠনিক সম্পাদক টংকেশ্বৰ কোঁৱৰ, জিলা সমিতিৰ সভাপতি মাণিক গগৈ লগতে অসম জাতীয় পৰিষদৰ শতাধিক কৰ্মীক আটক কৰে । আটাইকে প্ৰতিবাদস্থলীৰ পৰা সোণাৰি থানালৈ অনা হয় । জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ থকা বাবে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাত বাধা আৰোপ কৰা হৈছে বুলি দলটোৰ নেতৃত্বই জানিবলৈ দিছে । চৰকাৰ তথা প্ৰশাসনৰ এই দমন নীতিৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য যে, কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধান আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য ৰোধৰ দাবীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বৃহস্পতিবাৰে ৰাজ্যজুৰি দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাতে ধান ক্ৰয় কেন্দ্ৰ আৰু শীতলীকৰণ কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । কৃষকক তেওঁলোকৰ কষ্টৰ উচিত মূল্য দিবলৈ ধান ব্যৱসায় অধিক লাভজনক কৰাৰ বাবে চৰকাৰক অসম জাতীয় পৰিষদে আহ্বান জনাইছে ।


লগতে পঢ়ক:বিশ্বনাথ জিলা মহিলা মৰ্চাৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.