গোলাঘাটৰ স্বাস্থ্যখণ্ডত দুটাকৈ নৱতম সংযোজন মন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Aug 30, 2021, 11:32 AM IST

dialysis-unit-inaugurated-by-minister-ajanta-neog
নৱতম সংযোজন মন্ত্ৰী অজন্তা নেওগৰ ()

গোলাঘাটত উপস্থিত হৈ দুটাকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে(Ajanta Neog) ৷ মন্ত্ৰীগৰাকীয়ে গোলাঘাটবাসীক কি সুবিধা প্ৰদান কৰিলে, জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

গোলাঘাট, 30 আগষ্ট : গোলাঘাটৰ স্বাস্থ্যখণ্ডত নৱতম সংযোজন ৷ দুটাকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে গোলাঘাটত উপস্থিত হয় ৰাজ্যৰ বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে(Ajanta Neog) ৷ শনিবাৰে শ্বহীদ কুশৰ কোঁৱৰ অসামৰিক চিকিৎসালয়ত(Kushal Konwar Civil Hospital) সংযোজিত হ’ল অত্যাধুনিক ডায়লেছিচ কেন্দ্ৰ(Dialysis Unit) ৷

নৱতম সংযোজন মন্ত্ৰী অজন্তা নেওগৰ

চিকিৎসালয়খনত সংযোজিত হোৱা ডায়লেছিচ কেন্দ্ৰত তিনিটা শাখাত 6 গৰাকীকৈ মুঠ 18 গৰাকী ৰোগীক এদিনত ডায়লেছিচ প্ৰদানৰ সুবিধা দিয়া হ’ব ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ এই ডায়লেছিচ কেন্দ্ৰটোৱে গোলাঘাটৰ ৰোগীসকলৰ স্বাস্থ্যত এক নতুন মাত্ৰা প্ৰদান কৰিব ।

লগতে পঢ়ক: হাতত স্মাৰ্টফোন লৈ হকে-বিহকে প্ৰশ্ন কৰা মানে সাংবাদিকতা নুবুজায় : প্ৰমোদ বড়ো

আনহাতে, দেওবাৰে ক’ভিড(Covid) মহামাৰীত স্বামীহাৰা হোৱা 7 গৰাকী মহিলাক প্ৰতিগৰাকীকে আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী নেওগে ৷ ৰাজ্য চৰকাৰে পুনৰ ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক 1 লাখ টকা প্ৰদানৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বৰ্তমানলৈকে গোলাঘাটৰ মুঠ 42 টা পৰিয়ালক এই আওতাত সামৰি লোৱা হৈছে ।

মন্ত্ৰী অজন্তা নেওগে জনোৱা মতে, ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত একোটাকৈ শিশু কেন্দ্ৰ মুকলি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । অনাথ শিশুসকলৰ সুবিধাৰ্থে এই কেন্দ্ৰ মুকলি কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰী অজন্তা নেওগৰ এই কাৰ্যত ধন্যবাদ জনায় গোলাঘাটবাসী ৰাইজে ৷

লগতে পঢ়ক: এখন বিদ্যালয়ৰ আন্তঃগাঁঠনিয়ে চিন্তিত কৰিছে অভিভাৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.