ETV Bharat / state

দুখৰ মাজতে সুখবৰ ! যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 জনক ৰিলিজ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:55 PM IST

Dergaon Bus Accident
দুৰ্ঘটনাত আহত 7জন উভতিল ঘৰলৈ

Dergaon Bus Accident : দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা 7 জন লোকক আজি ঘৰলৈ যাবলৈ অনুমতি দিয়ে চিকিৎসকে ৷ বৰ্তমানলৈকে মুঠ 9 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে ৷

যোৰহাট, 5 জানুৱাৰী : দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকল বৰ্তমান ক্ৰমান্বয়ে আৰোগ্য হৈছে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা 7 জন ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ বাবে তেওঁলোকক আজি ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ৷ বৰ্তমানলৈকে এই দুৰ্ঘটনাত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা মুঠ 9 জনক সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হল ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা নীলোৎপল হাজৰিকা, নৱনীতা শইকীয়া, বিতুপন শইকীয়া, বিমান শইকীয়া, ধ্ৰৱজ্যোতি শইকীয়া, মুনমী বৰা শইকীয়া, ৰাখী বৰা, চিন্ময় শইকীয়া আৰু কৌশিক বৰা নামৰ লোক কেইজনক সুস্থ হোৱাৰ বাবে চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি দিয়ে ৷ আনহাতে মুঠ 9 জন আহত ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ পিছত বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 18 জন ৰোগী চিকিৎসাধীন হৈ আছে ৷ এই 18 জনৰ ভিতৰত 4 জন ৰোগী আইচিইউত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ কমাৰবন্ধা বচা ভৰলোৱা গাঁৱৰ পৰা বনভোজ আৰু টিলিঙা মন্দিৰ দৰ্শনৰ বাবে গৈ থকাৰ সময়তে দেৰগাঁৱৰ বালিজানত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ 12 জনকৈ লোকে মৃত্যুক আকোৱালি লয় ৷ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বহু সংখ্যক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে চাৰিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আহত সকলৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : শোকাকুল পৰিৱেশৰ মাজতে তিলনি দেৰগাঁও দুৰ্ঘটনাৰ দুৰ্ঘটনাগ্ৰস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.