ETV Bharat / state

ধনশিৰিত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰৰ

author img

By

Published : Dec 28, 2021, 10:01 AM IST

Two-youth-losses-life-while-swimming-in-dhansiri-river
ধনশিৰিত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুজন কিশোৰৰ

ধনশিৰি নৈত গা ধুবলৈ গৈ দুজন কিশোৰৰ সলিল সমাধি (Death of Two youths in Dhansiri River) ৷ কিশোৰ দুজন শিঙিমাৰীৰ বিষ্ণু মালাকাৰ আৰু বৰপথাৰৰ দ্বীপ পাল ৷

সৰুপথাৰ, 28 ডিচেম্বৰ : বৰপথাৰত সংঘটিত হৈছে শোকাৱহ ঘটনা (A tragic incident in Barpathar) ৷ সমনীয়াৰ সৈতে ধনশিৰি নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুজন যুৱক (Death of Two youths in Dhansiri River) ৰ ৷ নিহত কিশোৰ দুজন বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে (Barpathar High School students death in Dhansiri river) ৷

ঘটনা অনুসৰি, বৰপথাৰ থানাৰ অন্তৰ্গত দক্ষিণ শিঙিমাৰীৰ সমীপৰ ধনশিৰি নদীত দুপৰীয়া 1 মান বজাত 9 জন সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল নিহত কিশোৰ দুজন (Two youth losses life while swimming in Dhansiri river) ৷ পানীৰ কোবাল সোঁতত পৰি সন্ধানহীন হৈ পৰে কিশোৰ দুজন ৷ নিহত যুৱক ক্ৰমে বৰপথাৰৰ শিঙিমাৰী নিবাসী বিষ্ণু মালাকাৰ আৰু বৰপথাৰ পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা দ্বীপ পাল বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ধনশিৰিৰ বুকুত অভিযান চলাই দ্বীপ পালৰ মৃতদেহ উদ্ধাৰ কৰে ৷ অৱশ্যে SDRF বাহিনী অহাৰ পূৰ্বেই নৈপৰীয়া ৰাইজে অভিযান চলাই বিষ্ণু মালাকাৰৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

ধনশিৰিৰ বুকুত এইদৰে দুজন কিশোৰে প্ৰাণ হেৰুওৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক : উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ চেষ্টা চলোৱাৰ সন্দেহত তিনি যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.