ETV Bharat / state

গ্ৰাহকক কমকৈ তেল দি অধিক ধন আদায় কৰিলে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে !

author img

By

Published : Apr 10, 2022, 10:18 PM IST

customer-brings-cheating-allegation-against-petrol-pump
গ্ৰাহকক কমকৈ তেল দি অধিক ধন আদায় কৰিলে পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে !

এফালে বৰ্ধিত খাৰুৱা তেলৰ মূল্যই জলা-কলা খুৱাইছে সৰ্বসাধাৰণক, আনফালে একাংশ পেট্ৰ’ল পাম্পে ভূতৰ ওপৰত দানৱ পৰা দি মেচিন বিসংগতি কৰি ৰাইজক সোধাইছে মাধমাৰ । পেট্ৰ’ল ডিজেলৰ মুল্যবৃদ্ধিৰ সময়তে বোকাখাতত গ্ৰাহকক কমকৈ তেল দি অধিক ধন লোৱাৰ অভিযোগ উত্থাপন (Cheating allegation against petrol pump at Bokakhat)৷

বোকাখাত, 10 এপ্ৰিল : বোকাখাত চহৰৰ পৰা কিছু নিলগত ৰামধেনু ফিলিং ষ্টেচন নামৰ এটা পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে পাম্পৰ মেচিনত বিসংগতি কৰি গ্ৰাহকক কমকৈ তেল দি অধিক ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে (Cheating allegation against petrol pump at Bokakhat)।

অভিযোগ মতে, কাজিৰঙাৰ এজন যুৱকে শুকুৰবাৰে নিশা বোকাখাতৰ লতাবাৰীত থকা ৰামধেনু ফিলিং ষ্টেছন নামৰ পেট্ৰ’ল পাম্পত তেওঁৰ AS 01 AX 4009 নম্বৰৰ Etios বাহনখনত ভৰাইছিল ৪৪৭০ টকাৰ পেট্ৰ’ল ৷ কিন্তু আচৰিত কথা এয়ে যে, পূৰ্বৰ পৰা গাড়ীখনত প্ৰায় 7 পৰা 10 লিটাৰ ডিজেল থকাৰ পাছতো Etios খনৰ ৪৫ লিটাৰ ধৰা টেংকীত প্ৰায় ৪৯ লিটাৰ তেল সোমোৱা দেখুৱাই মিটাৰত ৷ এই কথা সদৰী কৰে যুৱকজনে ।

গ্ৰাহকক কমকৈ তেল দি অধিক ধন আদায় কৰিলে পে’ট্ৰল পাম্পৰ কৰ্মচাৰীয়ে !

পেট্ৰ’লৰ সম্পূৰ্ণ মূল্য দি ঘৰ অভিমুখী হোৱা চালকজনৰ কিছু দূৰ আহি সন্দেহ উপজাত পুনৰ পেট্ৰ’ল পাম্পলৈ উভতি গৈ বাহনখনত কিমান তেল দিয়া হ'ল বুলি ৰিচিপ্ট বিচৰাত ওলাই পৰে উৰহীৰ ওৰ । সম্পূৰ্ণ টেংকী খালী কৰাত গাড়ীখনৰ পৰা ওলাল মাত্ৰ ৪৫.৫ লিটাৰ তেল । সেই কথা পাম্প কৰ্তৃপক্ষক অৱগত কৰাত পাম্প কৰ্তৃপক্ষই কোনো পধ্যেই মান্তি নোহোৱাত কাষতে থকা গেৰেজত গাড়ীৰ টেংকীৰ পৰা উলিওৱা হয় তেলখিনি ।

যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাৰুৱা তেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণক মাধমাৰ সোধাইছে তেনে সময়তে ঠায়ে ঠায়ে এনেধৰণৰ ঘটনাসমূহ সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷

লগতে পঢ়ক : কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.