ETV Bharat / state

বোকাখাতত যাত্ৰীবাহী বাছৰ পৰা জব্দ ড্ৰাগছ

author img

By

Published : Aug 18, 2022, 10:28 AM IST

Bokakhat
বোকাখাতত যাত্ৰীবাহী বাছৰ পৰা জব্দ ড্ৰাগছ

বোকাখাতত শুকুৰবাৰে পুৱাই জব্দ নিষিদ্ধ ড্ৰাগছ (Drugs seized in Bokakhat)। গুৱাহাটী অভিমুখী নামবৰ নামৰ বাছখনত অহা এজন যাত্ৰীৰ পৰা জব্দ ড্ৰাগছখিনি । ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক আটক ।

বোকাখাত,১৮ আগষ্ট : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Anti drugs campaign of Assam police)। অসম আৰক্ষীয়ে দাবী কৰা মতে ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষী যথেষ্ট পৰিমাণে সফল হৈছে । কিন্তু তাৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা অব্যাহত আছে । যাৰ বাবে প্ৰতিদিনে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ লগতে গাঞ্জাৰ দৰে নিষিদ্ধ সামগ্ৰীও উদ্ধাৰ কৰিছে ।

বোকাখাতত যাত্ৰীবাহী বাছৰ পৰা জব্দ ড্ৰাগছ

ইফালে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হোৱা বাবে অসাধু চক্ৰই এই নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা দেখা গৈছে । একাংশ যাত্ৰীবাহী বাছৰ জৰিয়তেও সৰবৰাহকাৰীসকলে ড্ৰাগছৰ বেহা চলাই গৈছে ।

এইবাৰ গোলাঘাট-গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ । আজি পুৱাই বোকাখাত আৰক্ষীয়ে অভিযান চলাই বাছখনৰ পৰা জব্দ কৰে ১৩.৪৮ গ্ৰাম ওজনৰ ড্ৰাগছ (Drugs seized in Bokakhat)। গৌতম বাঢ়ৈ নামৰ ড্ৰাগছ সৰবৰাহকাৰী এটাকো আটক কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-05-C-9100 নম্বৰৰ নামবৰ বাছখনৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে সৰবৰাহকাৰীটোক আটক কৰে (Drugs recovered from passenger bus in Bokakhat)। ড্ৰাগছৰ উপৰিও এটা চিৰিঞ্জ, দুটা খালী কন্টেইনাৰ, দুটা ফোনও জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে আটকাধীন গৌতম বাঢ়ৈ নুমলীগড় ধোদাং গাঁৱৰ বাসিন্দা ৷

জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ ইফালে বাছখনত গোলাঘাটৰ ৰঙাজানৰ পৰা ২৬ নম্বৰ চিটত আহিছিল ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন (Bokakhat police arrested drugs peddler)৷ বোকাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত বোকাখাত থানাৰ সন্মুখত বাছৰ পৰা আটক কৰে ড্ৰাগছসহ যুৱকজনক ৷ বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক সোধা-পোছা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক :মাজুলীত শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.