ETV Bharat / state

বোকাখাতত বাঁহৰ সাঁকোৱে ভৰষা সহস্ৰাধিক লোকৰ

author img

By

Published : Aug 26, 2022, 2:10 PM IST

bokakhat
বোকাখাতত বাঁহৰ সাঁকোৱে ভৰষা সহস্ৰাধিক লোকৰ

বছৰ বছৰ ধৰি এখন ভগা-ছিগা বাঁহৰ সাঁকোৰে বোকাখাতৰ জাপৰী পথাৰ আৰু ডিফলু পথাৰ অঞ্চলৰ ৰাইজে পাৰ হৈছে নদী (Bokakhat bamboo bridge)। মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবি । এখন পকী দলঙৰ দাবী ৰাইজৰ ।

বোকাখাত,২৬ আগষ্ট : দেশে স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰ অতিক্ৰম কৰিলে (75th independence day of India)। চৰকাৰে এই শুভক্ষণত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) দৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিলে । চৰকাৰে চাৰিওফালে উন্নয়নৰ জয়গান গোৱা দেখা গ'ল । চৰকাৰৰ নেতা-মন্ত্ৰীৰ মুখত কেৱল উন্নয়নৰ শ্ল'গান । কিন্তু সঁচাকৈয়ে উন্নয়ন হৈছে নে ?

গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ এটা অঞ্চলৰ ৰাইজৰ দুৰ্দশা দেখিলে কোনেও নকয় যে সম উন্নয়ন হৈছে । স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰাৰ সময়তে সমষ্টিটোৰ হাজাৰ হাজাৰ মানুহৰ একমাত্ৰ ভৰষা এখন বাঁহৰ সাঁকো । ভগা সাঁকোখনেৰে নিতৌ প্ৰায় ৬০০ টা পৰিয়ালৰ লোকে অহা যোৱা কৰে (Bamboo bridge in Bokakhat)।

বোকাখাতত বাঁহৰ সাঁকোৱে ভৰষা সহস্ৰাধিক লোকৰ

স্কুলীয় ছাত্ৰ-ছাত্ৰীও বিপদসংকুলভাৱে পাৰ হয় মৰণফান্দৰূপী সাঁকোখনেৰে । ৰোগী এজনক হাস্পতাললৈ নিবলৈও সেই সাঁকোৰে আহিব নোৱাৰে কোনো বাহন । যাৰ বাবে নাৱেৰে ৰোগীসকলক নৈৰ মাজেৰে লৈ যায় গাঁওবাসীয়ে (Transportation by bamboo bridge)।

কিন্তু আচৰিত কথাটো হ'ল যে মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ জাপৰী পথাৰ আৰু ডিফলু পথাৰ সংযোগী দলংখন নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ধন নাই । নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোলৈ ভোট ভিক্ষা কৰিবলৈ আহি দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আজিলৈ গুৰুত্ব নাই স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ (Poor transportation system in Bokakhat)। নিৰ্বাচন শেষ, লগে লগে ৰাইজলৈ পিঠি দিলে অতুল বৰাই ।

স্থানীয় ৰাইজে পঞ্চায়ত আৰু গোলাঘাট পশ্চিম খণ্ড উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি আজিলৈ কোনো সুফল নাপালে । চৰকাৰে আজিলৈ কিয় অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ কথা চিন্তা নকৰিলে সেই কথাই চিন্তিত কৰি তুলিছে ৰাইজক । অৱশ্যে চৰকাৰলৈ ৰৈ নাথাকি প্ৰতিবছৰে ৰাইজে হাতৰ পইচাৰে বাঁহৰ সাঁকোখন মেৰামতি কৰি আহিছে । যাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি একপ্ৰকাৰ মোহভংগ হৈছে ৰাইজৰ ।

উন্নয়নৰ শ্ল'গান দিয়া চৰকাৰৰ বিৰুদ্ধে সেয়েহে ক্ষোভিত হৈ পৰিছে ৰাইজ । বাঁহৰ সাঁকোৰ স্থানত এখন পকী দলং অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈও ৰাইজে দাবী জনাইছে (Public demand for concrete bridge)।

এতিয়া আপুনিয়ে চিন্তা কৰক বৰ্তমান সময়তো ৰাইজে বাঁহৰ ভগা-ছিগা সাঁকোৰেই পাৰ হ'বলগীয়া হৈছে । নৈ পাৰ হৈ বিদ্যালয়লৈ যাবলৈও বাঁহৰ সাঁকোখনেই একমাত্ৰ ভৰষা ছাত্ৰ-ছাত্ৰীৰ । ইয়াৰ পাছতো কোনোৱে ক'ব নেকি যে ৰাজ্যত উন্নয়নৰ সোঁত বৈছে ?

লগতে পঢ়ক :হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.