Golaghat Police man suicide: গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ৰাকেশ ৰয়ৰ আত্মহত্যা

author img

By

Published : Mar 15, 2023, 10:57 PM IST

Golaghat Police man suicide

গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰৰ দেহৰক্ষীৰ আত্মহত্যা ৷ নিজ কোৱাৰ্টাৰতে চিপ লৈ আত্মহত্যা কৰে ৰাকেশ ৰয় নামৰ জোৱান জনে ৷ ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা বুলি সন্দেহ (Golaghat Police man suicide) ৷

গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ৰাকেশ ৰয়ৰ আত্মহত্যা

গোলাঘাট, 15 মাৰ্চ: বুধবাৰে সন্ধিয়া গোলাঘাটৰ থানা ৰোড চাৰিআলিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ নিজৰ কোৱাৰ্টাৰত চিপ লৈ আত্মহত্যা কৰিলে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ এজন দেহৰক্ষীয়ে ৷ আত্মহত্যা কৰা দেহৰক্ষী জোৱানজনৰ নাম ৰাকেশ ৰয় (37) ৷ ঘৰত পত্নী আৰু সন্তান নথকাৰ সময়তে আত্মহত্যা কৰে জোৱান জনে ৷ জানিব পৰা মতে পিতৃ গৃহলৈ গৈছিল পত্নী আৰু পুত্ৰ সন্তান (Police man suicide in Golaghat) ৷

বুধবাৰে দুপৰীয়া পত্নীয়ে স্বামী ৰাকেশ ৰয়ক ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল ৷ পত্নীয়ে বহুবাৰ স্বামীৰ লগত ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হোৱাত চিন্তিত হৈ তেওঁৰ সহকৰ্মীক যোগাযোগ কৰে ৷ কিন্তু তাৰ পাচতো নিজ স্বামীৰ খবৰ লাভ নকৰি ঘৰলৈ উভতি আহে পত্নী (Golaghat police man suicide case) ৷

লগতে পঢ়ক: MHA in Rajya Sabha : বিগত ৩ বছৰত অসম ৰাইফলছকে ধৰি আন ৩ সংস্থাত ৪৩৬ কৰ্মচাৰীৰ আত্মহত্যা

সন্ধিয়া প্ৰায় 5.30 মান বজাত ঘৰলৈ উভতি আহি স্বামীক ফেনত চিপ লৈ উলমি থকা প্ৰত্যক্ষ কৰে পত্নীয়ে ৷ ঘটনাক লৈ চাঞ্চল্য‌ই বিৰাজ কৰিছে আৰক্ষীৰ ভিতৰ চ’ৰাত ৷ অৱশ্যে বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৰাকেশ ৰয়ৰ আত্মহত্যাৰ কাৰণ ৷ বহু বছৰৰ পৰাই গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাবে কৰ্মৰত আছিল মৃত ৰাকেশ ৰয় (Rakesh Roy suicide case) ৷

ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জানিব দিয়া অনুসৰি অধিক ধাৰৰ বুজা সহিব নোৱাৰি আৰক্ষী জোৱানজনে আত্মহত্যা কৰে ৷ অধীক্ষকগৰাকীয়ে কয় যে ৰাকেশ ৰয়ে বিভিন্ন উৎসৰ পৰা লোৱা ধাৰৰ বোজা লৈ সহিব নোৱাৰি এই চূড়ান্ত পথ অৱলম্বন কৰে ৷ ঘটনাক লৈ অধিক তদন্তৰ প্ৰয়োজন আছে বুলিও মন্তব্য আৰক্ষী অধীক্ষকগৰাকীৰ ৷

লগতে পঢ়ক: Assam assembly budget session: চৰকাৰী ঋণ সন্দৰ্ভত বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.