Assam assembly budget session: চৰকাৰী ঋণ সন্দৰ্ভত বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাৰ

author img

By

Published : Mar 15, 2023, 10:03 PM IST

Assam assembly budget session

ঋণ লৈ ঋণ ঘূৰাই দিয়াৰ ক্ষমতা আছে বাবেই চৰকাৰে ঋণ গ্ৰহণ কৰিছে ৷ কংগ্ৰেছ শাসিত ৰাজ্যৰ তুলনাত অসম চৰকাৰৰ ঋণ গ্ৰহণৰ পৰিমাণ তাকৰ ৷ ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰতো আগত আছে অসম চৰকাৰ ৷ সদনত বিৰোধীক এই প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM countered opposition parties) ৷

চৰকাৰী ঋণ সন্দৰ্ভত বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী শৰ্মাৰ

গুৱাহাটী, 15 মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত ৰাজ্য চৰকাৰে ঋণ লোৱাৰ সন্দৰ্ভত বিভিন্ন বিতৰ্ক চলি থকাৰ‌ পৰিপ্ৰেক্ষিতত বুধবাৰে বিতৰ্কত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰে ঋণ লোৱাৰ‌ সন্দৰ্ভত সদনত স্পষ্ট মত দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে, বিধানসভাত বিধায়ক অখিল গগৈৰ লগতে আন বিৰোধী বিধায়কে চৰকাৰে ৰাইজক ঋণৰ বোজালৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপিত কৰিছিল (Assam assembly budget session) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক ওলোটাই ধৰি কয়, ‘‘ঋণ লোৱাতো দুৰ্বলতা নুবুজায় । সফল ব্যক্তিক, যিয়ে ঋণ ঘুৰাই দিব পাৰে, যাৰ ওপৰত বিশ্বাস থাকে তাকহে ঋণ দিয়ে ।" তেওঁ লগতে কয় যে, দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যবোৰতকৈ অসম চৰকাৰে কম ঋণ লৈছে । অসম চৰকাৰে কংগ্ৰেছ শাসিত ৰাজ্যবোৰতকৈ ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰতো ভাল ৰিজাল্ট কৰিছে । অসম চৰকাৰ দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যবোৰতকৈ কম ঋণ লোৱাৰ ক্ষেত্ৰতো আগত আছে আৰু ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰতো আগত আছে (Assam CM countered opposition parties) ।

লগতে পঢ়ক: Assam budget 2023: বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?

মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘‘অসমত চৰকাৰী চাকৰিয়ালে ১ তাৰিখে দৰমহা পায় । এইখন অসমতে হোমগাৰ্ডে ২৩ হাজাৰ টকা দৰমহা পায় ।’’ অসমক অহা তিনিবছৰত পঞ্জাৱতকৈ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত আগত থকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সগৌৰৱে ঘোষণা কৰে । ভাষণত তেওঁ আৰু কয়, "অসমত বাল্যবিবাহ বন্ধ হ'বই লাগিব । হয় মোক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আতৰাওক, অন্যথা বন্ধ হ'বই লাগিব বাল্যবিবাহ । যিকোনো প্ৰকাৰে ৰাজ্যত বাল্যবিবাহ ৰোধ কৰিবলৈ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অপৰাধ ৰোধৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে কোনো আপোচ নকৰে ।’’ (Debate on Assam govt debt issue) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিত্তমন্ত্রীয়ে আগন্তুক ২০২৩ -২৪ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব । তাৰ পিচত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেট প্রাকলন দাখিল কৰিব । ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা, ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব (Assam budget 2023)।

লগতে পঢ়ক: Assam Assembly budget session 2023: মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.