ETV Bharat / state

Athkheliya Namghar controversy : আঠখেলীয়া নামঘৰত পুনৰ বিতৰ্ক

author img

By

Published : Oct 16, 2022, 3:53 PM IST

Athkheliya Namghar controversy
আঠখেলীয়া নামঘৰত পুনৰ বিতৰ্ক

আঠখেলীয়া নামঘৰৰ বিতৰ্ক চলি থকাৰ মাজতে নামঘৰত পুনৰ প্ৰৱেশ নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিৰ । দেওবাৰে পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহি বিফল হ'বলগীয়া হয় (Athkheliya Namghar managing committee failed)। কাৰ্যালয়ৰ তলা খুলি নিদিলে কৰ্ণধাৰ সমিতিয়ে ।

গোলাঘাট,১৬ অক্টোবৰ : এতিয়াও অব্যাহত আছে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ বিতৰ্ক (Athkheliya Namghar controversy)। দুই ফৈদৰ সংঘাতে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ আধ্যাত্মিক পৰিৱেশত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে । একপ্ৰকাৰ অসহনীয় হৈছে ধৰ্মীয় সমাজ । সংঘাতৰ অৱসান ঘটাই এক সুস্থিৰ পৰিৱেশ ঘূৰি আহিব বুলি সচেতন মহল আশাবাদী যদিও পুনৰ সংঘাত দেখিবলৈ পোৱা গৈছে দুই ফৈদৰ মাজত ।

আঠখেলীয়া নামঘৰত পুনৰ বিতৰ্ক

আদালতত বিষয়টো সন্দৰ্ভত গোচৰ চলি থকাৰ মাজতে দেওবাৰে নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে নামঘৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ নামঘৰত প্ৰৱেশ কৰে । লগে লগে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় । কিন্তু কৰ্ণধাৰ সমিতিয়ে কাৰ্যালয়ৰ তলা খুলিবলৈ অস্বীকাৰ কৰে । ফলত নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব নোৱাৰিলে । চলিত মাহৰ ২১ তাৰিখে উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত যি ৰায়দান প্ৰদান কৰিব তাক দুয়োপক্ষ‌ই মানি ল'ব বুলিও সহমত প্ৰকাশ কৰে ।

উল্লেখ্য যে ২০১৬ চনৰে পৰা বিতৰ্কত আছে আঠখেলীয়া নামঘৰ । সেই সময়ত নামঘৰৰ মজিয়াত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি হৈছিল । ইয়াৰ মাজতে বিগত সময়চোৱাত নামঘৰত ক্ষমতাকেন্দ্ৰিক সংঘাত অব্যাহত আছে । পৰিচালনা সমিতিৰ বিষয়বাবৰ খোৱা-কামোৰাৰ বিতৰ্কই সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে । শেহতীয়াকৈ নামঘৰত তলাও লগোৱা হৈছিল (Lock at the main gate of Athkheliya Namghar)।

বৰ্তমানৰ কৰ্ণধাৰ সমিতিখনে অবৈধভাৱে নামঘৰৰ কামকাজ চলাই থকাৰ অভিযোগ তুলি পূৰ্বৰ পৰিচালনা সমিতি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১ আগষ্টত নামঘৰ পৰিচালনা সমিতিৰ সপক্ষে ৰায় প্ৰদান কৰি ৬ সপ্তাহৰ ভিতৰত সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল (Gauhati High court on Athkheliya Namghar) ৷ আদালতৰ ৰায় অনুসৰি আঠখেলীয়া নামঘৰৰ নিৰ্মীয়মান ৰাজহুৱা ভৱনত এখন সাধাৰণ অনুস্থিত হৈছিল ৷

যোৱা ৯ ছেপ্টেম্বৰত ভাদ মাহৰ নাম-কীৰ্তন চলি থকাৰ মাজতে নামঘৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল সাধাৰণ সভা । নামঘৰৰ খেলোৱা ৰাইজৰ মাজত বিভাজন ঘটাৰ বাবে সাধাৰণ সভা এটা পক্ষৰ মাজতে অনুষ্ঠিত হৈছিল ।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পৰিচালনা সমিতি গঠন কৰি দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহোঁতে দুই পক্ষৰ মাজত যুদ্ধংদেহী পৰিস্থিতিৰ সূচনা হয় (Tense situation at Athkheliya Namghar)। যাৰ বাবে আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । তাৰ পাছৰে বহু বিতৰ্কৰ মাজত সোমাই পৰে আঠখেলীয়া নামঘৰ । অৱশ্যে এই বিতৰ্কৰ কেতিয়া অন্ত পৰিব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:Erosion in Dibrugarh : মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.