ETV Bharat / state

Erosion In Dibrugarh : মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Oct 16, 2022, 12:49 PM IST

দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ মাইজানত অব্যাহত আছে খহনীয়া (Erosion in Dibrugarh)। খহনীয়াৰ ফলত হাহাকাৰ পৰিৱেশ অঞ্চলটোত । দেওবাৰে পুৱাই অঞ্চলটো পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । বানপানী আৰু খহনীয়া প্ৰতিৰোধত ব্যৰ্থ চৰকাৰক তীব্ৰ সমালোচনা গগৈৰ ।

Maijan erosion
মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

মৰাণ, ১৬ অক্টোবৰ : বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধত (Prevention of floods and erosion) ব্যৰ্থ হোৱা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (AJP leader Lurinjyoti Gogoi slams Govt)। দেওবাৰে ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত মাইজান অঞ্চল পৰিদৰ্শন কৰি চৰকাৰক কটু সমালোচনা কৰে নেতাগৰাকীয়ে (Lurinjyoti Gogoi visits erosion affected areas)।

লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰা মতে দীৰ্ঘ সময়ৰ পৰা অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰাৰ পাছতো আজিলৈ চৰকাৰে কোনো পদক্ষেপ নল'লে । গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Union minister Rameswar Teli) আৰু সৰ্বানন্দ সোণোৱালকো তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হোৱাৰ (Massive erosion in Maijan Dibrugarh) দহ দিন পাৰ যোৱাৰ পাছতো চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে । ইফালে খহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা ভুক্তভোগী পৰিয়াল বিভিন্ন ধৰণৰ সংকটত পৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ।

মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

সেয়ে উক্ত পৰিয়ালৰ পুনঃসংস্থাপনৰ দাবী জনায় নেতাগৰাকীয়ে । সমান্তৰালকৈ অতি শীঘ্ৰে মাইজানৰ খহনীয়াৰ স্থায়ী সমাধানৰ বাবেও চৰকাৰক দাবী জনায় লুৰীণজ্যোতি গগৈয়ে । উল্লেখ্য যে ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চল মাইজানত শেহতীয়াকৈ ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে । মথাউৰি ভাগি যোৱাত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । গৃহহীন পৰিয়ালে ডিব্ৰুগড়ৰ প্ৰতিৰক্ষা বান্ধত আশ্ৰয় লৈছে ।

অৱশ্যে জলসম্পদ বিভাগে মাইজানত গৰাখহনীয়া প্ৰতিৰোধৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা মথাউৰি পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু এতিয়ালৈ সফল হোৱা নাই । লুৰীণজ্যোতি গগৈয়ে এই ক্ষেত্ৰত বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় ।

ইফালে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ নকৰিলে সমগ্ৰ ডিব্ৰুগড় চহৰলৈ ভাবুকি আহিব বুলিও আশংকা কৰে লুৰীণজ্যোতি গগৈয়ে । জানিব পৰা দেওবাৰে উক্ত স্থান পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ পূৰ্বে সেই স্থান পুৱাই পৰিদৰ্শন কৰে লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক :Congress inspects Maijan erosion: মাইজানৰ খহনীয়া পৰিদৰ্শন বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.