ETV Bharat / state

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 26, 2021, 7:20 AM IST

গোলাঘাটত ছাত্ৰ সন্থাই ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷

assu-protest-at-golaghat-etv-bharat-assam
গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট, 26 আগষ্ট : গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ গোলাঘাট ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাই ।

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অসম গেছ কোম্পানীৰ দ্বাৰা ঘৰে ঘৰে গেছ যোগান ধৰা, গোলাঘাটত ডি এডিকচেন চেণ্টাৰ নিৰ্মাণ, বিশুদ্ধ খোৱাপানী যোগান ধৰা, 135 বছৰ গৰকা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীত কৰা, গোলাঘাট নগৰৰ যান-জট, নলা-নৰ্দমা, পাৰ্কিঙৰ ব্যৱস্থাকে ধৰি মুঠ 12 টা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আছুই ৷ তদুপৰি এই সংক্ৰান্তত গোলাঘাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।

লগতে চাওক : মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.