ETV Bharat / state

গোলাঘাটত অনুষ্টূপীয়াকৈ পালন বীৰাংগণা সতী সাধনী দিৱস

author img

By

Published : Apr 20, 2020, 3:37 PM IST

ভাৰতবৰ্ষৰ ইতিহাসত নাৰী শক্তিৰ প্ৰতীক ৰূপে চিহ্নিত বীৰাংগণা সতী সাধনীৰ আজি মৃত্যু তিথি । আজিৰ পৱিত্ৰ দিনটোতেই দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল সতী সাধনীয়ে। এই স্মৰণীয় দিনটোত গোলাঘাটত অনুষ্টূপীয়াকৈ পালন কৰা হয় সতী সাধনী দিৱস। কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে স্মৰণ কৰা হয় বীৰাংগণা সতী সাধনীক।

assam-sati-sadhani-divas
গোলাঘাটত অনুষ্টূপীয়াকৈ পালন বীৰাংগণা সতী সাধনী দিৱস

গোলাঘাট, 20 এপ্ৰিল : আজিৰ দিনটোতে দেশ স্বজাতিৰ বাবে চন্দনগিৰি পৰ্বতৰ পৰা জপিয়াই আত্মজাহ দিছিল অসম বুৰঞ্জীৰ পৃষ্ঠা দখল কৰা বীৰ নাৰী সতী সাধনীয়ে। আজিৰ পৱিত্ৰ দিনটো সতী সাধনী দিৱস হিচাপে বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰি আহিছে ৰাজ্যবাসীয়ে । কিন্তু এইবাৰৰ দৃশ্যপট কিছু পৃথক । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰিছে গতিশীল সমাজ জীৱন। তথাপিও নিজৰ জাতিৰ বাবে আত্মবলিদান দিয়া সতী সাধনীৰ মৃত্যু তিথিত মহিয়ষী গৰাকীক স্মৰণ কৰিবলৈ নাপাহৰিলে অসমবাসীয়ে ।

গোলাঘাটত অনুষ্টূপীয়াকৈ পালন বীৰাংগণা সতী সাধনী দিৱস

গোলাঘাটত সদৌ চুতীয়া জাতি সন্মিলন,চুতীয়া ছাত্ৰ সন্থা,জনগোষ্ঠীয় সম্বন্বয় ৰক্ষক সমিতিৰ কেইজনমান সদস্যই গোলাঘাট সতী সাধনী কলাক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰি পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে পালন কৰিলে সতী সাধনী দিৱস। আজিৰ দিনটোতেই গোলাঘাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ নতুন কৈ নিৰ্মিত কৰা সতী সাধনী প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা আছিল যদিও বৰ্তমান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হয় সেই কাৰ্যসূচী। উল্লেখ্য যে, বীৰাংগণা সতী সাধনীৰ জীৱনীক লৈ হিন্দী আৰু অসমীয়া দুয়োটা ভাষাতে চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে । বলিউডৰ চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাত এই ব্যয়বহুল চলচ্চিত্ৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।

লগতে পঢ়ক :28 দিনৰ অন্তত মঙলবাৰৰ পৰা পৰা জনতা ভৱনত পুনৰ আৰম্ভ হ'ব কাম কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.