ETV Bharat / state

স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত !

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 11:00 PM IST

Job Scams in Golaghat: স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্ন লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷

Allegations of collecting money in Golaghat in the name of jobs
স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত

স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত

গোলাঘাট, 11 জানুৱাৰী : লাখ লাখ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ ক্ষেত্ৰত যাতে নিকা আৰু স্বচ্ছ হয় তাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ কিন্তু একাংশ লোকে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলাইছে গোলাঘাটত । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লাখে লাখে টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷ গোলাঘাটৰ টি বি চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰত চাকৰি প্ৰদানৰ নামত গোলাঘাটৰ চিকিৎসক ডাঃ সুনীতা এক্কাই 33 গৰাকীকৈ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ উঠিছে ৷

এইক্ষেত্ৰত ভুক্তভোগী যুৱকে সাংবাদিকৰ আগত কয়, ‘‘ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ডাঃ সুনীতা এক্কাই আমাৰ পৰা 2 লাখ টকা লৈছিল ৷ চৰকাৰী বিজ্ঞাপন দেখুৱাই লিখিত পৰীক্ষা বা মৌখিক সাক্ষৎকাৰ অবিহনে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ কথা কৈছিল ৷ কিন্তু কেইবাবছৰো উকলি যোৱাৰ পাচতে চাকৰি নাপালো ৷ বৰঞ্চ তেওঁ আমাৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰে যোৰহাট আৰক্ষী থানাত ৷’’

ইফালে, সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত অস্বীকাৰ কৰি সাংবাদিকৰ আগত কয়, ‘‘ মাই কেতিয়াও তেনে কাম নকৰো ৷ মই কিয় এনেকুৱা কাম কৰিম ৷ মই একো নাজানো ৷ মই কাৰো বিৰুদ্ধে অভিযোগক দাখিল কৰা নাই ৷ সিহঁতে কিয় মোৰ বিৰুদ্ধে অভিযোগ দিছে মই নাজানো ৷ মানুহ কেইজনক চিনি পাওঁ কিন্তু তেওঁলোকৰ পৰা কোনো চাকৰিৰৰ নামত ধন লোৱা নাই ৷’’ ধন লোৱা ভিডিঅ’ৰ ভাইৰেল হোৱাৰ পাচতো সমগ্ৰ ঘটনা অস্বীকাৰ কৰে চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক : পদুলিত ভোগালী: ঢেকীৰ শব্দই ৰজনজনাইছে ৰাজ্যৰ চৌদিশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.