ETV Bharat / state

ঐনিতমেৰে মুখৰিত সৰুপথাৰৰ টেঙানী অঞ্চল

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 11:00 PM IST

Ali Ai Ligang Preparation at Tengani of Sarupathar
ঐনিতমেৰে মুখৰিত সৰুপথাৰৰ টেঙানী অঞ্চল

Ali Ai Ligang : সমাগত আলি আঃয়ে লৃগাং ৷ গোলাঘাট জিলাৰ টেঙানী অঞ্চলত বসবাস কৰে মিচিং জনজাতীয় লোকসকলেও লৃগাঙলৈ বুলি চলাইছে প্ৰস্তুতি ৷

ঐনিতমেৰে মুখৰিত সৰুপথাৰৰ টেঙানী অঞ্চল

সৰুপথাৰ, 13 জানুৱাৰী : সমাগত অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং ৷ ইতিমধ্য, লৃগাঙৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে মিচিং সম্প্ৰদায়ৰ লোকে প্ৰস্তুতি চলোৱা দেখা গৈছে ৷ গোলাঘাট জিলাৰ টেঙানী অঞ্চলত বসবাস কৰে মিচিং জনজাতীয় লোকেও লৃগাঙলৈ বুলি প্ৰস্তুতি চলাইছে ৷ এইবাৰ টেঙানীবাসীৰ সৌজন্যত গোলাঘাটবাসী ৰাইজৰ সহযোগত অহা 13 আৰু 14 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ জিলা ভিত্তিক আলি আঃয়ে লৃগাং উৎসৱ অনুষ্ঠিত হ'ব ৷ সেয়ে শনিবাৰে টেঙানী অঞ্চলৰ নিকৰি মাজদলপা ৰাজহুৱা খেলপথাৰত পৰম্পৰাগতভাবে পঃৰঃ আপং প্ৰস্তুত কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয় ৷ লগতে আজি টেঙানীবাসীৰ মিচিং ৰাইজে লাইখুঁটাও স্থাপন কৰে ৷

উল্লেখ্য যে, ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগা পালন কৰি আহিছে ৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা ৷ অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন ৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে পথাৰত শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে ৷

ছাই মদ বা পঃৰঃ আপঙৰ লগতে আলি আঃয়ে লৃগাৰ দিনা গৃহস্থই অতিথিক খাবলৈ দিয়ে পুৰাং আপিন ৷ আলি আঃয়ে লৃগাং উপলক্ষে ঘৰে ঘৰে পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, মাছৰ আঞ্জা, গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে ৷ সেই বিশেষ দিনটোৰ নিশালৈ গাঁৱৰে ল'ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে ঐনিতমৰ সুৰত মগন হৈ পৰে ৷

লগতে পঢ়ক : বছা-ভৰলুৱা গাঁৱত আজি ১১ জনকৈ লোকৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.