ETV Bharat / state

নুমলীগড়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আছাৰ প্ৰতিবাদ

author img

By

Published : Feb 19, 2021, 5:26 PM IST

গোলাঘাট জিলাৰ নুমলীগড়ৰ পোৰাবাঙলাত আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জিলাখনৰ মৰঙী মৌজাৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত বসবাস কৰি থকা আদিবাসী লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীৰে এই প্ৰতিবাদ ।

নুমলীগড়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আছাৰ প্ৰতিবাদ
নুমলীগড়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আছাৰ প্ৰতিবাদ

গোলাঘাট, ১৯ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে চাহ শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । শুকুৰবাৰে শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

নুমলীগড়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আছাৰ প্ৰতিবাদ

গোলাঘাট জিলা সমিতি আৰু মৰঙী আঞ্চলিক সমিতিৰ উদ্যোগত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জিলাখনৰ মৰঙী মৌজাৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত বসবাস কৰি থকা আদিবাসী লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, আদিবাসীসকলৰ মাটিৰ ম্যাদি পট্টা প্ৰদানৰ ব্য়ৱস্থা কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰলৈ দাবী জনায় । ইফালে অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:কাক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ ? গগৈৰ ফটোৱেই শেষ ভৰসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.