ETV Bharat / state

গোলাঘাটত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

author img

By

Published : Aug 12, 2020, 10:46 AM IST

গোলাঘাটত পূৰ্ণগতিত চলিছে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশাৱলী অনুসৰি গোলাঘাট আৰক্ষী,হোমগাৰ্ড তথা চিআৰপিএফৰ জোৱানে সমূহীয়াভাৱে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে ।

74 independence day preparation in golaghat assam etv bharat news
স্বাধীনতা দিৱসৰ প্ৰস্তুতি

গোলাঘাট,12 আগষ্ট: ৭৪ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোন দুটা দিন বাকী । ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাটতো স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে চলিছে পূৰ্ণ গতিত প্ৰস্তুতি ৷ অতি অনুষ্টুপীয়াকৈ এইবাৰ ৰাজ্যত পালন কৰা হ’ব স্বাধীনতা দিৱস ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশাৱলী অনুসৰি গোলাঘাট আৰক্ষী,হোমগাৰ্ড তথা চিআৰপিএফৰ জোৱানে সমূহীয়াভাৱে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে ।

স্বাধীনতা দিৱসৰ প্ৰস্তুতি

স্বাধীনতা দিৱসৰ অনুষ্ঠানত কৰ’ণাৰ গণ সংক্ৰমণ ৰোধৰ বাবে পেৰেডত অংশগ্ৰহণ কৰা সকলো লোকৰে স্বাৱ সংগ্ৰহ কৰা হৈছে । এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত পূৰ্বৰ বহু কাৰ্যসূচী সাল-সলনি হ’ব । মাত্ৰ পাঁচটা পল্টনে এইবেলি পেৰেডত অংশগ্ৰহণ কৰিব পাৰিব । এনচিচি কেডেট অথবা ছাত্ৰ-ছাত্ৰীৰ পেৰেডৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ লগতে জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা । তদুপৰি বাতিলৰ সম্ভাৱনা আছে সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠান ৷

উল্লেখ্য যে, পেৰেডৰ অনুষ্ঠানক নেতৃত্ব দিয়া পেৰেড কমাণ্ডেণ্টে কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া খেলপথাৰৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰে । ওখ ওখ ঘাঁহেৰে ভৰি থকা খেলপথাৰৰ বাবে পেৰেড অনুশীলনত অসুবিধাৰ সন্মুখীন হৈছে অংশগ্ৰহণকাৰীসকল ৷ গড়কাপ্তানী বিভাগৰ অধীনষ্ঠ খেলপথাৰৰ এই পৰিৱেশক লৈ অসন্তুষ্টি প্ৰকাশ কৰে পেৰেড কমাণ্ডেণ্ট উৎপল চেকনিধৰাই । বিভিন্ন অসুবিধাক আওকাণ কৰি দেশৰ এই বিশেষ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে গোলাঘাট আৰক্ষী ৷

লগতে চাওকঃ বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.