ETV Bharat / state

গোলাঘাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:56 PM IST

শীতৰ দলিচাত কবিতাৰ গুঞ্জন । গোলাঘাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ।

13th Foundation Day of Golaghat District kobi sanmilan
কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস

কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস

সৰুপথাৰ, ৫ জানুৱাৰী : অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হৈছে কবিতা । কবিতাৰ যোগেদিয়েই প্ৰকাশ পাই ব্যক্তি মনৰ ভাৱ-অনুভূতি । কবিতা কেৱল সাহিত্যৰ লগতে নহয় সাধাৰণ মানুহৰ জীৱনৰ সৈতেও সাঙোৰ খাই আছে ৷

শুকুৰবাৰে ধনশিৰি মহকুমা কবি সন্মিলনৰ আতিথ্যত গোলাঘাট জিলাৰ কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় উৰিয়ামঘাটত । প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰে ক্ৰমে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড৹ প্ৰণৱ ঢেকিয়াল ফুকন আৰু সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মাই । গোলাঘাট কবি সন্মিলনৰ সভাপতিগৰাকীৰ ভাষ্য অনুসৰি কবিতা মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ৷ কবি সন্মিলনৰ মূল উদ্দেশ্য নগৰীয়া তথা যান্ত্ৰিকতাৰ গণ্ডীৰ পৰা গ্ৰামাঞ্চললৈ কবিতাক লৈ যোৱাটো বুলি উল্লেখ কৰে জিলাৰ সভাপতিগৰাকীয়ে ।

উত্তৰ-পূৱৰ বৃহৎ কাব্যিক অনুষ্ঠান সদৌ অসম কবি সন্মিলনে যেনেদৰে সৃষ্টিৰ প্ৰেৰণা তথা সৃষ্টিৰ কামনা থকা লোকসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে, গোলাঘাট জিলা কবি সন্মিলনেও ঠিক তেনে উদ্দেশ্যে আগত ৰাখিয়েই কাম কৰি আছে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷ উঠি অহা নৱ-প্ৰজন্মক কবিতাৰ জৰিয়তে এখন মঞ্চ দি তেওঁলোকক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি তেওঁ উল্লেখ কৰে ৷

গোলাঘাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, ধনশিৰি মহকুমা কবি সম্মিলনৰ সভাপতি দণ্ডেশ্বৰ বৰা, বৰপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰ, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী । মুকলি সভাত বহু সংখ্যক নবীন-প্ৰবীন কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে । কবিতা পাঠেৰে জীপাল কৰে শীতৰ দুপৰীয়া ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিশামণি বৰাৰ ব্ৰঞ্জ পদক লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.