ETV Bharat / state

Woman burnt to death: পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ হ’ল মহিলা

author img

By

Published : Apr 27, 2023, 8:35 PM IST

Woman burnt to death  in Goalpara
পাকঘৰত ৰান্ধি থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ হ’ল মহিলা

বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গ’ল এগৰাকী মহিলাৰ ৷ ভাত ৰান্ধি থকা অৱস্থাতেই পাকঘৰত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে (Woman burnt to death in Goalpara) ৷

পাকঘৰত ৰান্ধি থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ হ’ল মহিলা

গোৱালপাৰা, 27 এপ্ৰিল: গোৱালপাৰা ৰাজমিতাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout in Goalpara) ৷ বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যায় ৷ ইয়াৰোপৰি এই অগ্নিকাণ্ডত এগৰাকী মহিলা জীৱন্তে অগ্নিদগ্ধ হয় (Woman burnt to death in Goalpara)৷ মৃত মহিলাগৰাকীৰ নাম ছকিনা খাতুন(৪৫) বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত লক্ষীপুৰ থানাৰ অন্তৰ্গত ৰাজমিতাৰ জিঞ্জিৰামপাৰা গাঁৱৰ এগৰাকী মহিলাই অন্য দিনাৰ দৰেই খাদ্য ৰান্ধি আছিল ৷ কিন্তু দিন বেয়া আছিল মহিলাগৰাকীৰ ৷ আজি পাকঘৰত ৰান্ধি থকা অৱস্থাতেই হঠাৎ জুই লাগে ৷ লগে লগে মহিলাগৰাকীয়ে পাকঘৰৰ ভিতৰৰ পৰা জুই জুই বুলি চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকে চাইহি মানে জুইৰ লেলিহান শিখাই পাকঘৰটো আৱৰি ধৰে (Woman death in Goalpara) ৷ পৰিয়ালৰ লোকে জুই দেখি হুলস্থুল কৰি ওচৰ চুবুৰীয়াক মাতি জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ যদিও ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা মহিলাগৰাকী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় (Fire breakout incident) ৷

অগ্নিদগ্ধ হৈ নিহত মহিলাগৰাকী ছকিনা খাতুন(৪৫) বুলি জানিব পৰা গৈছে (Woman dead in fire) ৷ এই ঘটনাৰ বহু সময়ৰ পিচত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হোৱাৰ ফলত এটা গৃহ জুইৰ পৰা ৰক্ষা পৰে ৷

লগতে পঢ়ক: Incomplete Bridge Construction: উন্নয়নৰ পঁয়ালগা ছবি; সাত বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নলবাৰীৰ এখন দলং

এই ঘটনাৰ পিচতে ঘটনাস্থলীত জলেশ্বৰ থানা আৰু লক্ষীপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আৰক্ষীয়ে নিহত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, এই অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ জ্বলি ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় (Goods worth lakhs rupees gutted in fire) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.