ETV Bharat / state

বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

author img

By

Published : Aug 31, 2021, 1:22 PM IST

Swarnim vijay victory flame arrived at Goalpara
বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

১৯৭১ চনৰ ১৬ ডিচেম্বৰ, ভাৰতৰ বাবে এক ঐতিহাসিক দিন । এই দিনটোতে ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে বিজয় সুনিশ্চিত কৰিছিল । চলিত বৰ্ষৰ ডিচেম্বৰত এই বিজয়ৰ ৫০ বছৰ সম্পূৰ্ণ হ'ব ।

গোৱালপাৰা, ৩১ আগষ্ট : চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতে জয় লাভ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হ'ব । বিজয়ৰ এই আনন্দ সমগ্ৰ দেশবাসীৰ সৈতে উদযাপন কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় সেনাই এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । ভাৰতীয় সেনা জোৱানৰ এটা দলে বিজয় অগ্নিশিখা লৈ সমগ্ৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে । দেওবাৰে বিজয় অগ্নিশিখা লৈ গোৱালপাৰাস্থিত সৈনিক স্কুলত উপস্থিত হয় সেনা জোৱানৰ দলটো ।

Swarnim vijay victory flame arrived at Goalpara
বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

ভাৰতীয় সেনাৰ ১১ মাউণ্টেইন ব্ৰিগেডিয়াৰৰ সহযোগত বিজয় অগ্নিশিখা লৈ অনা হয় গোৱালপাৰা সৈনিক স্কুললৈ ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰজ্বলন কৰিছিল এই সোণালী জয়ন্তী বৰ্ষৰ বিজয় অগ্নিশিখা ৷

Swarnim vijay victory flame arrived at Goalpara
বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

সৈনিক স্কুলত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বীৰ জোৱানসকলক ৷ সৈনিক স্কুলৰ অধ্যক্ষই সামৰিক অভিবাদন গ্ৰহণ কৰি শ্বহীদ বীৰ জোৱানলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ শেষত বিজয়ৰ অগ্নি শিখা লৈ দেশৰ অন্য প্ৰান্তলৈ গতি কৰে ভাৰতীয় সেনা বাহিনীৰ দলটোৱে ৷

Swarnim vijay victory flame arrived at Goalpara
বিজয় অগ্নি শিখা লৈ গোৱালপাৰাত উপস্থিত সেনা জোৱানৰ দল

এই অনুষ্ঠানত সৈনিক স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে একাংশ অৱসৰপ্ৰাপ্ত সেনা জোৱানেও অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, সেনা বাহিনীৰ দলটোয়ে বিজয় অগ্নি শিখা লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰি পুনৰ ৰাজধানী দিল্লীত উপস্থিত হ'বগৈ ৷ এই যাত্ৰাৰ জৰিয়তে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ।

লগতে পঢ়ক: Star Jalsha ৰ ধাৰাবাহিকত কৰিমগঞ্জৰ তনুশ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.