Illegal timber business :নৱাগত শিমলীতোলা বজাৰত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

author img

By

Published : Nov 17, 2022, 9:48 PM IST

Illegal timber business

গোৱালপাৰাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় (Smuggling timber business in Goalpara) । চোৰাং কাঠ সৰবৰাহৰ কেন্দ্ৰলৈ পৰিণত নৱাগত শিমলীতোলা বজাৰ । ইয়াৰ মাজতেই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ বন বিভাগৰ ।

গোৱালপাৰা, ১৭ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংভাৱে সৰবৰাহ কৰা কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Timber smuggling in Assam)। কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ।

বন বিভাগৰ ধাৰাবাহিক অভিযানৰ মাজতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ লগতে নৱাগত শিমলীতোলা বজাৰত দীৰ্ঘদিন ধৰি এটা শক্তিশালী চক্ৰই চোৰাং কাঠৰ বৃহৎ ব্যৱসায় চলাই আছে । ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নৱাগত শিমলীতোলা বজাৰখনৰ চোৰাং কাঠ সৰবৰাহৰ কেন্দ্ৰলৈ পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা দৈনিক বৃহৎ পৰিমাণৰ চোৰাং কাঠ নৱাগত শিমলীতোলা বজাৰ ঘাটত পেলাই সেই সমূহ বৰপেটা জিলাৰ চৰাঞ্চলৰে বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে । তদুপৰি গোৱালপাৰাৰ পূব প্ৰান্তৰ নৱাগত শিমলীতোলা বজাৰত গঢ়ি উঠিছে ফলা কাঠৰ বৃহৎ ব্যৱসায় । প্ৰায় ১০ বছৰ ধৰি বজাৰখনত নিৰ্বিঘ্নে একাংশ ব্যৱসায়ীয়ে মুক্তভাৱে চোৰাং কাঠ বিক্ৰী কৰি আহিছে । বন বিভাগৰ চকুৰ সন্মুখতে বজাৰখনত মুক্তভাৱে চোৰাং কাঠৰ বজাৰ চলি থকাৰ মাজতে বুধবাৰে বন বিভাগৰ এটা দলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় (Smuggling wood seized at Goalpara) ।

বন বিভাগৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত বন প্ৰাধিকাৰীৰ নেতৃত্বত বুধবাৰে পুৱাৰে পৰা অবৈধ কাঠ বজাৰত অভিযান চলাই কেইবা হাজাৰ ছি এফ টি চোৰাং কাঠ জব্দ কৰে । প্ৰায় ৪০ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ অভিযানকাৰী দলটোৱে । পিছত জব্দকৃত কাঠখিনি শিমলীতোলা বীট কাৰ্যালয়লৈ নিয়া হয় ।

ইপিনে, বন বিভাগৰ অভিযানকাৰী দলটো দেখি হাহাকাৰ লাগে চোৰাং ব্যৱসায়ীসকলৰ । সঘনাই ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অভিযানকাৰী দলে শিমলীতোলা বজাৰ ঘাটত অভিযান চলাই চোৰাং কাঠ জব্দ কৰি আহিছে যদিও বজাৰখনত থকা চোৰাং ফলা কাঠৰ বৃহৎ বজাৰখন বন বিভাগৰ চকুত নপৰাকৈ থকাটোৱে ৰহস্য়ৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Punjabi actress Daljit Kaur:বিখ্যাত পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.