ETV Bharat / state

ভূ-লুণ্ঠিত মানৱতা: হাঁড় কপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিত

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 12:22 PM IST

Ruckus situation among evicted people of Goalpara
গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি

গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি । পুহমহীয়া হাঁড় কপোৱা শীতত মুকলি আকাশৰ তলত বৃদ্ধা তথা কণ কণ শিশুৰ চকুলো । আপোন ঘৰখন হেৰুৱাই হাহাকাৰ কৰিছে সাধাৰণ জনতাই । ধ্বংসস্তুপৰ কণমান শিশুৱে বিচাৰিছে বিদ্যালয়ৰ পাঠ্যপুথি ।

গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি

গোৱালপাৰা,১২ জানুৱাৰী : পুহমহীয়া হাঁড় কঁপোৱা জাৰত আপুনিও হয়তো ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই । কিন্তু এইহেন শীততো এজাক লোকৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ । ভূ-লুণ্ঠিত হৈছে মানৱতা । উচ্ছেদৰ হাৰাশাস্তি ভোগ কৰিবলগা হৈছে কণ কণ শিশুৰ পৰা বৃদ্ধালৈ । গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি ।

Ruckus situation among evicted people of Goalpara
গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি

গোৱালপাৰাৰ পঞ্চৰত্নত ভূ-লুণ্ঠিত হৈছে মানৱতা । উচ্ছেদৰ নামত প্ৰায় ৫০ টা পৰিয়ালৰ পৰা 'মানুহ' হোৱাৰ অধিকাৰখিনিও যেন কাঢ়ি লোৱা হৈছে । পুহমহীয়া হাঁড় কঁপোৱা শীতত তেওঁলোকৰ ঘৰ-বাৰীবোৰ উচ্ছেদৰ নামত ভাঙি তচনচ কৰাৰ ফলত মুকলি আকাশৰ তলত বৃদ্ধ-বণিতাই ইতৰ প্ৰাণীৰ দৰে নিশা পাৰ কৰিবলৈ বাধ্য হৈছে । নিশাৰ অন্ধকাৰ গুচি পুৱাৰ পোহৰে ভুমুকি মৰাৰ লগে লগে ধ্বংসস্তুপত পৰিণত হোৱা সপোনৰ ঘৰখন দেখি কান্দোনত ভাঙি পৰে ।

Ruckus situation among evicted people of Goalpara
গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি

প্ৰশাসনৰ হাতোৰাত সকলো ধ্বংসস্তুপত পৰিণত হৈছে । ধ্বংসস্তুপৰ মাজত কণ কণ শিশুয়ে পাঠ্যপুথি বিচাৰি কৰিছে হাহাকাৰ । ৬০ বছৰীয়া আইতাই অনিশ্চিত ভৱিষ্যতকলৈ কেৱল চকুলো টুকিছে । চৌদিশৰ আৱেগসিক্ত পৰিৱেশৰ মাজতে প্ৰশাসনৰ এই অমানবীয় উচ্ছেদকলৈ ভয় শংকাৰ মাজতে নিশাৰ টোপনিত উচুপি উঠে কণ কণ শিশুবোৰে ।

Ruckus situation among evicted people of Goalpara
গোৱালপাৰা উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি

কেইবাটাও প্ৰজন্মই বসবাস কৰি অহা উক্ত স্থানত এনেদৰে অমানবীয়ভাৱে উচ্ছেদ চলোৱাক লৈ ক্ষোভিত হৈ পৰিছে উচ্ছেদিত লোকসকল । শীঘ্ৰে প্ৰশাসনক পুনঃসংস্থাপনৰ দাবী উত্থাপন কৰে লোকসকলে । এইহেন শীতৰ বতৰত উচ্ছেদ চলাই সাধাৰণ জনতাক হাৰাশাস্তি কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সচেতন ৰাইজে ।

লগতে পঢ়ক : গোৱালপাৰাৰ পঞ্চৰত্নত বন বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.