ETV Bharat / state

Demanding Sixth Schedule: গোৱালপাৰাত ছয় ৰাভা জাতীয় সংগঠনৰ অনশন

author img

By

Published : May 9, 2023, 9:46 PM IST

Rabha Organisations Protest
ছয় ৰাভা জাতীয় সংগঠনৰ অনশন

গোৱালপাৰাত ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত ৰাভা জাতীয় ছয় সংগঠনৰ অনশন ৷ গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা জাতীয় ছয় সংগঠনৰ যৌথ আহ্বানত গোৱালপাৰা জিলা সমিতিৰ যৌথ সহযোগত ৰূপায়ণ কৰা হয় এই অনশন কাৰ্যসূচী (Rabha Organisations Protest) ৷

ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত ৰাভা জাতীয় ছয় সংগঠনৰ অনশন

গোৱালপাৰা, 9 মে’: গোৱালপাৰাত ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত ৰাভা জাতীয় ছয় সংগঠনৰ অনশন ৷ আজি গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা জাতীয় ছয় সংগঠনৰ যৌথ আহ্বানত গোৱালপাৰা জিলা সমিতিৰ যৌথ সহযোগত, ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰা আৰু ৰাভা হাচংৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত চাৰি ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় (Demanding Inclusion of RHAC In Sixth Schedule) ৷

অনশনস্থলীত উপস্থিত থাকি ৰাভা হাচং ষষ্ঠ অনুসূচী দাবী কমিটিৰ জিলা সভাপতি ৰত্নেশ্বৰ ৰাভাই কয় যে, ৰাভা জাতীয় সংগঠন সমূহে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে বিগত 20 বছৰ ধৰি ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছে ৷ ৰাভা জাতীয় সংগঠন সমূহৰ সমস্যা সমাধানৰ বাবে আৰু ৰাভা হাচংক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে 2016 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাভা হাচং স্বায়ত্ত পৰিষদৰ সৈতে মিত্ৰতা কৰিছিল ৷ কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ লগত বৈষম্যমূলক নীতি অৱলম্বন কৰিছে বুলি কয় নেতা গৰাকীয়ে (Rabha Organisations Protest) ৷

ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক বিজেপি চৰকাৰে ৰাজনৈতিক ভাৱে বলিৰ পঠা সজাই প্ৰতাৰণা কৰিছে বুলিও অভিযোগ কৰে নেতাজনে ৷ বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পুনৰ বিবেচনা কৰি ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায় ৰত্নেশ্বৰ ৰাভাই ৷ অন্যথা অনাগত দিনত বিজেপি চৰকাৰ ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ (Demanding Sixth Schedule) ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যদি ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে 2024 ৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ সৈতে মিত্ৰতা ভংগ কৰি ৰাভা হাচংৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰো হুংকাৰ দিয়ে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ সম্পাদক তিলক ৰাভাই (Rabha Hasong Autonomous Council) ৷

লগতে পঢ়ক: Protest for green world : সেউজীয়া পৃথিৱীৰ হকে 90 সহস্ৰাধিক গঞাৰ নিৰৱচ্ছিন্ন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.