ETV Bharat / state

অগ্নিগৰ্ভা অসম: চৌদিশে মাথো কেব বিৰোধী জুই

author img

By

Published : Dec 10, 2019, 2:47 PM IST

মঙলবাৰে নেছ’ৰ বন্ধ সফল কৰিবলৈ তেজপুৰত ৰাজপথলৈ ওলাই আহিল আছু সদস্যসকল,ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হয়,ঢেকীয়াজুলি,ৰঙাপাৰা,বালিপৰা,চতিয়া আদি অঞ্চলতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে,মৰিগাঁৱত একাংশ প্ৰতিবাদকাৰীয়ে ন ন কৌশলৰে সাব্যস্ত কৰে প্ৰতিবাদ,ইপিনে গোৱালপাৰা জিলাত বন্ধৰ ফলত 31,37,51 আৰু 62 নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা নাযায় এখনো বাহন

বন্ধৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হয় স্বাভাৱিক জীৱনযাত্ৰা
অগ্নিগৰ্ভা অসমঃচৌদিশে মাথোন কেব বিৰোধী জুই

তেজপুৰ,১০ ডিচেম্বৰঃ তেজপুৰত মঙলবাৰে নেছ’ৰ বন্ধ সফল কৰিবলৈ ৰাজপথলৈ ওলাই আহিল আছু সদস্যসকল ৷ আছু সদস্যসকলে পুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদী সদস্যসকলে চহৰখনৰ ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হয় ৷ তদুপৰি একাংশ আছুকৰ্মীয়ে যান-বাহনৰ চলাচলত বাধা প্ৰদান কৰে ৷ বন্ধৰ সময়ছোৱাত ওলাই অহা ব্যক্তিগত বাহনৰ ওপৰতো আক্ৰমণ চলায় প্ৰতিবাদকাৰীসকলে। শোণিতপুৰ জিলাত বন্ধ সৰ্বাত্মক হোৱাৰ বিপৰীতে ঢেকিয়াজুলি,ৰঙাপাৰা,বালিপৰা,চতিয়া আদি অঞ্চলতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

তেজপুৰত নেছ’ৰ বন্ধ সফল কৰিবলৈ ৰাজপথত আছু

আমিনগাঁওঃ আমিনগাঁৱতো মঙলবাৰৰ দিনটোত কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ আমিনগাঁওস্থিত ঔদ্যোগিক পামৰ সন্মুখত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব শৰ্মা,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দি কেব বিৰোধিতা কৰে। নেছ’ই আহ্বান জনোৱা এই বন্ধ সফল কৰাৰ বাবে ৰাজপথলৈ দলে-বলে ৰাইজ ওলাই অহা দেখা যায় ৷

আমিনগাঁৱতো কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত

মৰিগাওঁঃ সমগ্ৰ ৰাজ্যত কেব বিৰোধী জুই জ্বলি থকাৰ সময়তে মৰিগাঁৱত একাংশ প্ৰতিবাদকাৰীয়ে ন ন কৌশলৰে সাব্যস্ত কৰে প্ৰতিবাদ। মৰিগাঁৱৰ জালুগুটিত এজোপা গছত মুখ্যমন্ত্ৰী সোণোৱাল আৰু অতুল বৰাৰ প্ৰতিমূৰ্তি ওলোমাই ফাঁচি দি প্ৰতিবাদ জনোৱাত ততালিকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ ইফালে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৰাজপথত টায়াৰ জ্বলাই চৰকাৰৰ বিপক্ষে প্ৰতিবাদ সাৱস্ত কৰে ৷ আনহাতে, একাংশই হাতত ভলুকা বাঁহ লৈ ৰাজপথত হুংকাৰ প্ৰদান কৰে চৰকাৰক ৷

মৰিগাঁৱৰ জালুগুটিত টায়াৰ জ্বলাই চৰকাৰৰ বিপক্ষে প্ৰতিবাদ

গোৱালপাৰাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টা জাতীয় সংগঠনে আহ্বান জনোৱা 12 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে গোৱালপাৰা জিলাত । এই বন্ধৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হয় স্বাভাৱিক জীৱনযাত্ৰা। তদুপৰি 31,37,51 আৰু 62 নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা নাযায় এখনো বাহন ৷ চহৰখনত সমান্তৰালকৈ বন্ধ হৈ পৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ৰাজ্যখনৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে এই বন্ধৰ প্ৰতি সঁহাৰি জনোৱা দেখা গৈছে ৷ ইপিনে জিলাখনৰ সমীপৱৰ্তী ভালুকডুবিত সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে একাংশ বন্ধ সমৰ্থকে শিল দলিয়াই গাড়ীৰ গ্লাছ ভাঙি দিয়ে। কেবৰ বিৰুদ্ধে আহ্বান জনোৱা এই বন্ধত ৰাজ্যৰ কিছু কিছু প্ৰান্তত হিংসাত্মক কাৰ্য সংঘটিত হৈছে ৷

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে গোৱালপাৰাত

লগতে চাওকঃগণ আন্দোলনক ভৰিৰে মোহাৰি লোকসভাত উত্থাপন কেব : প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য

Intro:Breaking
তেজপুৰ,১০ ডিচেম্বৰ :তেজপুৰত নেছৰ বন্ধ সফল কৰিবলৈ ৰাজ পথত আছু ৰ সমদল।
তেজপুৰ চহৰৰ ৰাজ পথত আছুৱে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত। ১৫ নং ৰাষ্টীয় ঘাইপথ সম্পূৰ্ন স্তব্ধ ৷ আছু কৰ্মীয়ে বাধা প্ৰদান কৰিছে যানবাহন চলাচলত ৷
বন্ধ বিফল কৰিবলৈ ওলাই অহা ব্যক্তিগত বাহনৰ ওপৰত আক্ৰমণ।Body:বন্ধ বিফল কৰিবলৈ ওলাই অহা ব্যক্তিগত বাহনৰ ওপৰত আক্ৰমণ ৷ সমগ্ৰ শোনিতপুৰ জিলাত বন্ধ সৰ্বাত্মক ,ঢেকিয়াজুলি, ৰঙাপাৰা, বালিপাৰা, চতিয়া আদি অঞ্চলত আছু কৰ্মীৰ প্ৰতিবাদ , ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ Conclusion:প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
১০/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.