ETV Bharat / state

Congress Protest in Goalpara: ভূমিহীন মুছলমান পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 6:37 PM IST

Congress Protest in Goalpara
ভূমিহীন মুছলমান পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ নেতৃত্বত গোৱালপাৰা জিলা আযুক্ত কাৰ্যালয় সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ ৷ গোৱালপাৰা জিলাত মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ভূমিহীন মুছলমান পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ

গোৱালপাৰা, 2 নৱেম্বৰ : বৃহস্পতিবাৰে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ নেতৃত্বত গোৱালপাৰা জিলা আযুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোৱালপাৰা জিলাৰ মুছলমানৰ সম্প্ৰদায়ৰ ভূমিহীন পৰিয়ালক চৰকাৰে ভূমি আৱন্টন নিদিয়াৰ অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, গোৱালপাৰা জিলাত ভূমি অধিগ্ৰহণৰ নামত বিজেপি চৰকাৰৰ বৈষম্যমূলক নীতি লৈছে । মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কুচকাৱাজ কৰিছে বিজেপি চৰকাৰে ৷ সেই অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ৷

বিধায়ক মণ্ডলে কয় , ‘‘গোৱালপাৰা জিলাৰ প্ৰায় 60 শতাংশ মানুহ মুছলমান । নদীৰ খহনীয়াত আটাইতকৈ ক্ষতিগ্ৰস্ত নাগৰিক হ'ল মুছলমান ।জিলাখনৰ আটাইতকৈ দুখীয়া আৰু ভূমিহীন মানুহ হ'ল মুছলমান । যাৰ বাবে মাটিৰ পট্টা বিচাৰি আবেদন কৰা অধিকাংশই মুছলমান লোক আছিল ।কিন্তু এতিয়ালৈকে জিলাখনত 6,804 গৰাকী লোকক মাটিৰ আৱণ্টন দিয়া হ'ল যদিও ইয়াৰ মাজত এজনো মুছলমান লোকৰ নাম নাই । চৰকাৰৰ এই বৈষম্য আৰু ষড়যন্ত্ৰকাৰী ঘটনাৰ তীব্ৰ বিৰোধ কৰিছো ।’’

উল্লেখ্য যে, 31 অক্টোবৰ তাৰিখে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা লেণ্ড এড্ভাইজেৰী কমিটীৰ সভাত বিধায়ক মণ্ডলে বৈষম্য আৰু ষড়যন্ত্ৰৰ অভিযোগ তুলি সভা ত্যাগ কৰিছিল । আজি চৰকাৰৰ বৈষমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ স্বৰূপে অনশন কাৰ্যসূচীত অংশ লৈ বিধায়ক মণ্ডলে কয় যে, লেণ্ড এড্ভাইজেৰী কমিটীৰ প্ৰথম সভাখনত 547 জন ব্যক্তিক মাটি আৱণ্টন দিয়া হৈছিল । ইয়াৰ ভিতৰত এজনো মুছলমান নাছিল ৷

দুখীয়া ভূমিহীন মুছলমানক এফালে মাটিৰ পট্টা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে চৰকাৰে, আনফালে মুছলমানৰ ওপৰত উচ্ছেদ চলাই ঘৰ-দুৱাৰ ভাঙি দি ভূমিহীন কৰিছে । আনকি 1959 চনত চৰ অঞ্চল হিচাপে নটিফিকেশ্বন লাভ কৰা এলেকাও ফৰেষ্টৰ নামত উচ্ছেদ চলাইছে । এনেদৰে ৰাজ্যখনত মুছলমান লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ভূমিহীন নাগৰিক সজোৱাৰ ষড়যন্ত্ৰ কৰিছে ৷ অসমখনক দ্বিতীয় পেলেষ্টাইন আৰু ম্যানমাৰৰ সৃষ্টি কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰিছে কৰি আছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক মণ্ডলে ৷

লগতে পঢ়ক:MLA Abdur Rashid Mandal: অসমত দ্বিতীয় পেলেষ্টাইন সৃষ্টিৰ আখৰা কৰিছে নেকি বিজেপি চৰকাৰে : প্ৰশ্ন বিধায়ক মণ্ডলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.