ETV Bharat / state

MLA Abdur Rashid Mandal: অসমত দ্বিতীয় পেলেষ্টাইন সৃষ্টিৰ আখৰা কৰিছে নেকি বিজেপি চৰকাৰে : প্ৰশ্ন বিধায়ক মণ্ডলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:54 PM IST

MLA Abdur Rashid Mandal
অসমত দ্বিতীয় পেলেষ্টাইন সৃষ্টিৰ আখৰা কৰিছে নেকি বিজেপি চৰকাৰে

অসমত দ্বিতীয় পেলেষ্টাইন সৃষ্টিৰ উদ্দেশ্যে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি বিজেপি চৰকাৰ ? এই প্ৰশ্ন বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ৷

অসমত দ্বিতীয় পেলেষ্টাইন সৃষ্টিৰ আখৰা কৰিছে নেকি বিজেপি চৰকাৰে

গোৱালপাৰা, 31 অক্টোবৰ : বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ বিস্ফোৰক মন্তব্য ৷ মঙলবাৰে আয়োজন কৰা এক সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক মণ্ডলে ৷ গোৱালপাৰা জিলাৰ খহনীয়াৰ প্ৰসংগ উত্থাপন কৰি মুছলমানসকল খহনীয়াত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি অভিযাগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷

তেওঁ কয়, ‘‘মুছলমানসকল চৰম বৈষম্যমূলক আৰু ষড়যন্ত্ৰৰ বলি হৈছে ৷ এতিয়ালৈকে গোৱালপাৰা জিলাত 6,804 গৰাকী লোকক মাটিৰ আৱণ্টন দিয়া হ'ল । আজিৰ সভাত মুঠ 1,643 গৰাকী লোকক মাটিৰ আৱণ্টন দিলে । কিন্তু এইখন তালিকাত এজনো মুছলমান লোকৰ নাম নাই । মই লগে লগে ইয়াৰ আপত্তি কৰি সভাত প্ৰশ্ন কৰিছিলো ৷ কোনো মুছলমানক মাটি আৱণ্টন দিব নালাগে বুলি চৰকাৰৰ পৰা নীতি-নিৰ্দেশনা আহিছে নেকি ? কাৰণ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰলৈ ভয় কৰে ।’’

এইক্ষেত্ৰত বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰক সমালোচনা কৰি কয়, ‘‘অসমৰ মুছলমানক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি দ্বিতীয় পেলেষ্টাইন সৃষ্টি কৰিব খুজিছে নেকি ? দুখীয়া-ভূমিহীন মুছলমানক মাটিৰ পট্টা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে চৰকাৰে ৷ আনফালে মুছলমানৰ ওপৰত উচ্ছেদ চলাই ঘৰ-দুৱাৰ ভাঙি দি ভূমিহীন কৰিছে ।’’

তেঁও কয়, ‘‘1959 চনত চৰ অঞ্চল হিচাপে নটিফিকেশ্বন থকা এলেকাও ফৰেষ্টৰ নামত উচ্ছেদ চলাইছে । এনেদৰে ৰাজ্যখনত মুছলমান লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ভূমিহীন নাগৰিক সজোৱাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷ অসম চৰকাৰে অসমত ম্যানমাৰ সদৃশ পৰিৱেশৰ সৃষ্টিৰ আখৰা চলাইছে ৷ বর্তমানৰ চৰকাৰখন সম্পূৰ্ণৰূপে মুছলিম বিৰোধী ৷ অসমখনক দ্বিতীয় পেলেষ্টাইন সৃষ্টি কৰাৰ উদ্দেশ্যে চৰকাৰে ষড়যন্ত্ৰ কৰিছে নেকি ?’’ চৰকাৰলৈ প্ৰশ্ন বিধায়ক মণ্ডলৰ ।

লগতে পঢ়ক:Non-allotment of land to Muslims: মুছলমানৰ বিৰুদ্ধে চৰকাৰৰ বৈষম্যমূলক নীতি কিয় ? আব্দুৰ ৰচিদ মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.