ETV Bharat / state

Non-allotment of land to Muslims: মুছলমানৰ বিৰুদ্ধে চৰকাৰৰ বৈষম্যমূলক নীতি কিয় ? আব্দুৰ ৰচিদ মণ্ডল

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:37 PM IST

গোৱালপাৰাত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ সংবাদমেল । চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়কগৰাকীৰ । গোৱালপাৰা জিলাত বর্তমানলৈকে ৬৮০৪ গৰাকীক ভূমি আবন্টন দিয়া হৈছে যদিও এজনো মুছলমান লোকৰ নাম নাই তালিকাত । চৰকাৰে বৈষম্যমূলকভাৱে মাটি আবন্টন দিয়াৰ অভিযোগ উত্থাপন কৰি গোৱালপাৰাবাসীক চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তোলাৰ আহ্বান বিধায়কগৰাকীৰ ।

Abdur Rashid Mandal anger over non-allotment of land to Muslims
মুছলমান লোকক ভূমি আৱণ্টন নিদিয়াক লৈ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ক্ষোভ

মুছলমান লোকক ভূমি আৱণ্টন নিদিয়াক লৈ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ক্ষোভ

গোৱালপাৰা,৩১ অক্টোবৰ: মঙলবাৰে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে জনোৱা অনুসৰি মঙলবাৰে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অসম চৰকাৰৰ লেণ্ড এডভাইজৰিৰ এখন সভা অনুষ্ঠিত কৰা হৈছিল ।

অসম চৰকাৰৰ প্ৰথমখন লেণ্ড এডভাইজৰি সভাত গোৱালপাৰা জিলাত মুঠ ৫৪৭ গৰাকীক ভূমি অবন্টন দিয়া হৈছিল । ইয়াৰ ভিতৰত এজনো মুছলমানৰ নাম নথকাত বিধায়কগৰাকী জাঙুৰ খাই উঠে । গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত হোৱা লেণ্ড এডভাইজৰিৰ সভাখনত গোৱালপাৰা জিলাৰ ১৬৪৩ গৰাকী ভূমিহীন লোকৰ তালিকা প্ৰস্তুত কৰি জমা দিয়া হৈছিল । কিন্তু পৰিতাপৰ বিষয় এইখন তালিকাতো এজনো মুছলমান লোকৰ নাম নথকাত বিধায়কগৰাকীয়ে ক্ষুব্ধ হৈ মন্ত্ৰী অশোক সিংহলক অসম চৰকাৰৰ এই বৈষম্যমূলক নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে ।

যিহেতু গোৱালপাৰা জিলাৰ প্ৰায় ৬০ শতাংশই মুছলমান বসতি প্ৰধান । জিলাখনত বিভিন্ন জাতি-জনজাতিয়ে বসবাস কৰি আহিছে । ইয়াৰে অধিকাংশ মুছলমান লোকে গৰাখহনীয়াৰ কৱলত পৰি ভূমিহীন হৈ চৰকাৰী মাটিত বসবাস কৰি আহিছে । যিহেতু অসম চৰকাৰৰ লেণ্ড এডভাইজৰিৰ সভাখনত প্ৰতিটো জাতি-জনগোষ্ঠীয়ে মাটিৰ কাৰণে আবেদন কৰিছে । কিন্তু তেনে পৰিপ্ৰেক্ষিতত বৰ্তমানৰ চৰকাৰখনে মুছলমান লোকসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰি অন্যান্য জাতি-জনগোষ্ঠীক লোকক অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈছে ।

বৰ্তমানলৈকে গোৱালপাৰা জিলাৰ মুঠ ৬৮০৪ ভূমি আৰু গৃহহীন হোৱা লোকে আবেদন কৰিছে যদিও ইয়াৰে ভিতৰত এজনো মুছলমান লোকৰ নাম তালিকাত নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে । অথচ মুছলমানসকলেও মাটিৰ কাৰণে আবেদন কৰিছে । বৰ্তমানৰ চৰকাৰখনে বৈষম্যমূলকভাৱে এটা জাতিক বাদ দি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকক ভূমি প্ৰদান কৰি আহিছে ।

কিন্তু এটা জাতিৰ প্ৰতি চৰকাৰখনৰ বৈষম্যমূলক নীতি কিয় বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে । গতিকে এনে বৈষম্যমূলক নীতি সৃষ্টি কৰা বৰ্তমানৰ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসম তথা গোৱালপাৰাবাসী ৰাইজে অতি শীঘ্ৰে গণতান্ত্ৰিকভাৱে বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ সংবাদমেল যোগে আহ্বান জনায় বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ।

লগতে পঢ়ক: ULFA I killed cadre : অসমৰ ৰাজনীতিত নেতৃত্ব ল’বলৈ আলফা নেতৃত্বক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.