ETV Bharat / state

Miya Museum : মিঞা পৰিষদৰ সভাপতি মহৰ আলীক গ্ৰেপ্তাৰ

author img

By

Published : Oct 25, 2022, 6:38 PM IST

Updated : Oct 25, 2022, 9:47 PM IST

Miya
Miya

গোৱালপাৰাত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক গ্ৰেপ্তাৰ । গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহৰ আলীক (Miya Parishad President detained at Goalpara) ।

গোৱালপাৰা, ২৫ অক্টোবৰ : গোৱালপাৰাত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক গ্ৰেপ্তাৰ । গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহৰ আলীক (Miya Parishad President detained at Goalpara) । উল্লেখ্য, আজি গোৱালপাৰা জিলা প্ৰশাসনে মিঞা সংগ্ৰহলায়টো ছীল কৰিছিল ।

তাৰ পিছতে বিতৰ্কিত মিঞা সংগ্ৰহালয় সন্দৰ্ভত 163/22 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি 120(B)/121/121(A)/122 IPC , R/W-Sec -10/13 UA(P) Actৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় মহৰ আলীক । গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মহৰ আলীক । আনহাতে, লক্ষীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি গোৱালপাৰা সদৰ আৰক্ষী থানালৈ অনা হয় মহৰ আলীক (Miya Museum controversy) ।

উল্লেখ্য, বিগত কেইটামান দিনত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে মিঞা সংগ্ৰহলায়ৰ প্ৰসংগক লৈ । মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধী তথা ৰাজ্যৰ সচেতন লোকৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈ থকাৰ মাজতে দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় এই মিঞা সংগ্ৰহালয়টো (Miya Museum inaugurated at Lakhipur) ।

অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো (Assam CM reaction on Miya Museum) ৷ মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই মিঞা সংগ্ৰহালয়টো ৷

তথ্য অনুসৰি, মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰিছিল আহোম ৰয়েল ছ’চাইটীৰ মুখ্য সাংগঠনিক সম্পাদক ধাদু মিঞাই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । তাৰ পাচতে ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল এই মিঞা সংগ্ৰহালয়টোৱে ৷

আনকি এই সন্দৰ্ভতৰ্ভ মঙলবাৰে বহু গুৰুত্বপূৰ্ণ মন্তব্যও প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction on Miya Museum) ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে মিঞা মিউজিয়াম এটা গুৰুত্বপূৰ্ণ বিষয় । এনেবোৰ বিষয়ে জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টিসৃ কৰি আহিছে । ইয়াক সৰস আলোচনাৰ বিষয় কৰা উচিত নহয় । বুদ্ধিজীৱীসকলে এই সন্দৰ্ভত চিন্তা কৰা উচিত ।

লগতে তেওঁ কয়, ‘‘মিঞা মিউজিয়ামটো কি মই বুজি নাপালোঁ । নাঙল অসমীয়া মানুহেও ব্যৱহাৰ কৰে । মাছমৰা যিকেইটা সঁজুলি মিউজিয়ামটোত আছে সেইকেইটা অসমীয়াৰে । অসমীয়া অনুসূচিত জাতিৰ লোকসকলে অতীজৰে পৰাই এই সঁজুলিবোৰ ব্যৱহাৰ কৰি আহিছে । লুঙীখনৰ বাদে মিউজিয়ামটোত কি নতুনত্ব আছে ?’’

লগতে পঢ়ক :Miya Museum controversy : অৱশেষত ছীল হ’ল বহু চৰ্চিত মিঞা মিউজিয়াম

Last Updated :Oct 25, 2022, 9:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.