ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণত অনিয়ম

author img

By

Published : Feb 16, 2019, 4:40 PM IST

ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।

etv bharat

গোৱালপাৰা, ১৬ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নামত গোৱালপাৰাত চৰম বিসংগতি। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ ঠিকাদাৰ তথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে।

goalpara
পশ্চিম গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আমবাৰীৰ পৰা কাশীবাৰী সংযোগী পথৰ নিৰ্মাণত বিসংগতি সংঘটিত কৰাৰ অভিযোগ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে। পথছোৱা নিৰ্মাণৰ বাবে গোৱালপাৰা জিলা গড়কাপ্তানি বিভাগে দায়িত্ব প্ৰদান কৰিছিল ঠিকাদাৰ ৰাজীৱ আহমেদক। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১,১৭,২৯,৯৯৯ টকা নিৰ্মাণ ব্যয় ধাৰ্য কৰিছিল বিভাগে। ২০১৭ বৰ্ষৰ ২৩ ডিচেম্বৰত কামৰ আৰম্ভণি কৰিছিল ঠিকাদাৰ গৰাকীয়ে। কিন্তু ঠিকাদাৰজনে পথছোৱা নিৰ্মাণৰ বাবে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। চি চি ব্লক ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ লোৱা পথছোৱাত কম দিনৰ ভিতৰতে পথছোৱা যে জহি খহি যাব সেয়া নিশ্চিত। আনকি নিৰ্মাণকাৰ্য পৰ্যৱেক্ষণ কৰিবলৈও আজিকোপতি দায়িত্বত থকা অভিযন্তা উপস্থিত নহল ঠাইখনত। যাৰ বাবে খঙত অগ্নিশৰ্মা হৈ উঠিছে অঞ্চলটোৰ জনসাধাৰণ। পথছোৱাৰ নিৰ্মাণকাৰ্য অনতিপলমে সম্পূৰ্ণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।
Slug- Corruption in construction PMGSY vis+byte send FTP.
  

Anchor - পথ উন্নয়নৰ নামত চূড়ান্ত দূৰ্নীতি। নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ লৈছে পথ। 
  
Vol- এয়া পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীৰ পৰা কাশিবাৰীলৈ যোৱা পথ। পথছোৱা নিৰ্মাণৰ বাবে গোৱালপাৰা জিলা গড়কাপ্টানী বিভাগে দায়িত্ব ন্যস্ত কৰিছিল ঠিকাদাৰ ৰাজীৱ আহমেদক। প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১১৭২৯৯৯৯ টকা নিৰ্মাণ ব্যয় ধাৰ্য কৰিছিল বিভাগে। ২০১৭ বৰ্ষৰ ২৩ ডিচেম্বৰত ঠিকাদাৰ গৰাকীয়ে কামৰ আৰম্ভণি কৰিছিল। কিন্তু কাম আৰম্ভ কৰি ঠিকাদাৰ গৰাকীয়ে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। চি চি ব্লক ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলৈ লোৱা পথছোৱাত ঠিকাদাৰে অতি নিম্ন মানৰ ব্লক ব্যৱহাৰ কৰাৰ ফলত কম দিনৰ ভিতৰতে পথছোৱা যে জহি খহি যাব সেয়া নিশ্চিত। এই ক্ষেত্ৰত জিলা গড়কাপ্টানী বিভাগে আজিলৈ নিদিলে গুৰুত্ব। এনেকি কামটো চোৱা চিতাৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা গৰাকীয়েও এদিনো পৰ্যবেক্ষণ নকৰিলে। ফলত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰ ৰাজীব আহমেদে। উচিত তদন্ত কৰি ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। 
     গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.